তিনিদিনীয়া ভ্ৰমনসূচীৰে অসমত উপস্থিত RSSৰ প্ৰধান মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত তিনিদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হয়।

তেওঁ স্বয়ংসেৱকৰ সৈতে যোগাযোগ কৰি সংঘ শিক্ষা ভাৰ্গ (দ্বিতীয় বৰ্ষ)ৰ উপস্থিতসকলক সম্বোধন কৰাৰ কথা আছে, যিটো প্ৰশিক্ষণ শিবিৰ ১২ জুলাইৰ পৰা আৰম্ভ হৈছিল আৰু ১ আগষ্টত সমাপ্ত হ’ব।

বৃহস্পতিবাৰে গুৱাহাটী পোৱা ভাগৱতে হোজাই অভিমুখে ৰাওনা হয়।

এক বিবৃতিত কোৱা হৈছে যে মুঠতে অসমত ১৫১ জন স্বয়ংসেৱকে, উত্তৰ অসম প্ৰান্তৰ ৯৫ জন, দক্ষিণ অসম প্ৰান্তৰ ১২ জন, অৰুণাচল প্ৰান্তৰ ৪ জন, ত্ৰিপুৰা প্ৰান্তৰ ৪৪ জন, আৰু মণিপুৰ প্ৰান্তৰ ৬ জন স্বয়ংসেৱকে অংশগ্ৰহণ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *