তিনিচুকীয়াত সেনা শিৱিৰৰ সন্মুখত গ্ৰেণেড আক্ৰমণ, ধৃত ২ আক্ৰমণকাৰী যুৱক

এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সেনা শিবিৰৰ সন্মুখত সংঘটিত হয় গ্ৰেনেড আক্ৰমণ। বৃহস্পতিবাৰে পুৱা মটৰবাইকত অহা দুজন যুৱকে তিনিচুকীয়াত সেনা শিবিৰৰ সন্মুখত গ্ৰেনেড নিক্ষেপ কৰে। সেনাই গ্ৰেপ্তাৰ কৰে যুৱক দুজনক। আৰক্ষীক গতাই দিয়া হৈছে।

সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, যুৱক দুজনে শিবিৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত গ্ৰেনেড নিক্ষেপ কৰে। শিবিৰৰ ভিতৰত গ্ৰেনেড দলিয়াই দিবলৈ চেষ্টা কৰে। কিন্তু লক্ষ্য হেৰুৱাই প্ৰৱেশদ্বাৰৰ সন্মুখত বিস্ফোৰণ ঘটে। এই ঘটনাত কোনো লোক আহত হোৱা নাই। এজন সেনা বিষয়াই কয় যে আক্ৰমণকাৰীয়ে পলাবলৈ চেষ্টা কৰিছিল যদিও শিবিৰৰ প্ৰৱেশদ্বাৰত পহৰা দি থকা জোৱানে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়।

প্ৰথম অৱস্থাত আৰক্ষীয়ে ইয়াক সন্ত্ৰাসবাদী আক্ৰমণ বুলি গণ্য কৰে। প্ৰসংগক্ৰমে বিজেপি চৰকাৰৰ অনুমোদন সাপেক্ষে ১ অক্টোবৰৰ পৰা ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলাত ‘সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন’ৰ বৈধতা বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে এটা চোৰাংচোৱা প্ৰতিবেদনে উগ্ৰপন্থী সংগঠন আলফা পৰেশ বৰুৱাই গোটটোৰ বিৰুদ্ধে আক্ৰমণ চলাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *