ঢকুৱাখনাত মহিলা সংগঠনৰ নাৰী দিৱস পালন

“বহনক্ষম ভৱিষ্যতৰ বাবে বৰ্তমানৰ লিংগ সমতা” শীৰ্ষক বাণীৰে মঙলবাৰে ঢকুৱাখনা মহকুমাত বিভিন্ন নাৰী বাদী সংগঠনৰ উদ্যোগত  আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ।  সাম্প্ৰতিক সমাজ সভ্যতাৰ পৰা লিংগ বৈষম্য আৰু লিংগ প্ৰভেদ  আঁতৰ কৰি এখন পুৰুষ মহিলাৰ প্ৰভেদবিহীন, শ্ৰেণীহীন  সমাজ গঢ়াৰ মূলমন্ত্ৰৰে মঙ্গলবাৰে ঢকুৱাখনা জিলা মিচিং মহিলা সমিতিৰ উদ্যোগত আৰু সন্মিলিত নাৰী শক্তি অসমৰ ঢকুৱাখনা ব্লক সমিতিৰ  সহযোগত আন্তৰ্জাতিক নাৰী দিৱসটো মাতমৰাত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ।

জনাকীৰ্ণ সভাত  জাতীয় নেতা ক্ৰমে সুনীল কুমাৰ পেগু, ইন্দ্ৰ কুমাৰ চুংক্ৰাং, ইন্দিৰা চিন্তে কুম্বাং, প্ৰবীন দলে,  যতিন পেগু,খনিদ্ৰ মেদক আদিয়ে বক্তব্য ৰাখি  লিংগ বৈষম্য হীন এখন সমাজেহে  দেশ জাতিৰ সৰ্বাংগীন  সৱলীকৰণ আৰু উত্তৰণৰ পথ প্ৰশস্ত কৰিব বুলি কৈ নাৰী শক্তিৰ মাজত লুকাই থকা  অদম্য সৃজনীশীলতা আৰু  সৃষ্টিশীলতাৰ অবিহনে  স্বদেশ স্বজাতিৰ  উন্নয়ন বিকাশ  অসম্ভৱ বুলি বক্তা সকলে মন্তব্য কৰে । 

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *