ড° অৰুণাভা ভূঞাঁৰ শ্ৰব্য -ভিডিঅ’ গীত মুকলি

গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত দেওবাৰে আয়োজিত এক গাম্ভীৰ্য্যপূর্ণ অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা বিশিষ্ট কণ্ঠশিল্পী ড° অৰুণাভা ভূঞাৰ দুটি গীতৰ শ্ৰব্য আৰু ভিডিঅ’ মুকলি কৰা হয়৷ গুৱাহাটী কমার্চ কলেজৰ অধ্যাপিকা অদিতি দাসে আঁত ধৰা অনুষ্ঠানটিৰ প্ৰাৰম্ভিক বন্তি প্ৰজ্বলনৰ পাছতে ড° ভূঞাঁই দুয়োটি গীতৰ এক সম্যক বিৱৰণ ডাঙি ধৰে। হীৰেণ গোহাঁইৰ ৰচিত আৰু প্ৰয়াত কুল বৰুৱাৰ সুৰসমৃদ্ধ ‘তোমাৰে অহাক’ শীর্ষক প্রথম গীতটিৰ সংগীত পৰিচালনা পল্লৱ তালুকদাৰৰ। দ্বিতীয় ‘কবীৰে মালা নেগাঠিবা’ গীতটিৰ ৰচনা তথা সুব ইদ্রিচ আলিৰ। সংগীতৰে সজাইছে সৌৰভ মহন্তই। জনপ্রিয় অভিনেতা কপিল বৰাই দুয়োটি গীতৰ ভিডিঅ’ৰ মুখ্য চৰিত্ৰ ৰূপায়ন কৰাৰ বিপৰীতে আন আন চৰিত্ৰকেইটিত অভিনয় কৰিছে ক্ৰমে— পলাশ্ৰী দাস, সুকন্যা বৰুৱা আৰু অপর্ণা দত্ত চৌধুৰীয়ে৷ দুয়োটি গীতৰ নৃত্য পৰিচালক অনিৰুদ্ধ বৰুৱা। সহযোগী হিচাপে আছে দেৱব্ৰত ফুকন, কৃষাণু বিদ্যার্থী, চন্দন ডেকাৰ লগতে বহুকেইগৰাকী উদীয়মান কলা-কুশলী। অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ কেবাগৰাকী জ্যেষ্ঠ শিল্পীৰ প্ৰয়োভৰ ঘটা অনুষ্ঠানটিত শ্ৰব্য আৰু ভিডিঅ’ গীতকেইটি উন্মোচন কৰি শিল্পী পুলক বেনাৰ্জী, ৰমেন চৌধুৰী, অনুপম চৌধুৰী, ড° ইদ্রিছ আলি আৰু মঞ্জু বৰাই ড° অৰুণাভা ভূঞাৰ দুয়োটি গীতৰ ভুয়সী প্রশংসা কৰে আৰু এই পদক্ষেপক নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *