ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতকোত্তৰ মহলাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ৩৩% মাচুল বৃদ্ধি কৰিছে। এই সিদ্ধান্তৰ বিৰুদ্ধে বিশ্ববিদ্যালয় চৌহদত ছাত্ৰ একতা সভাৰ উদ্যোগত অৱস্থান প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদক এছ এফ আইয়ে সমৰ্থন আগবঢ়াইছে আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তক বিৰোধিতা কৰিছে। বিগত ২০২১-২২ বৰ্ষৰ মাচুলৰ পৰিমাণ আৰু ২০২২-২৩ বৰ্ষৰ মাচুলৰ পৰিমাণৰ মাজত বৃহৎ অন্তৰ আছে। লগতে স্ববিনিয়োগ কোর্সসমূহৰ মাচুল অধিক বৃদ্ধি পাইছে। এছ এফ আইৰ সন্দেহ মৰ্মেই বিভিন্ন শিক্ষানুষ্ঠানৰ মাচুল বৃদ্ধি হবলৈ লৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ (NEP2020) ৰ পৰ্যালোচনা কৰোঁতেও এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মাচুল বৃদ্ধি হ’ব বুলি উল্লেখ কৰিছিল। উচ্চ শিক্ষানুষ্ঠান এখনৰ প্ৰয়োজনীয় খৰচসমূহ পূৰ্ণৰ বাবে বাস্তৱসন্মত এক শিক্ষামাছুল নিৰ্ণয়কাৰী ব্যৱস্থাপনা শিক্ষানুষ্ঠানতেই গঢ়ি তোলাৰ সপক্ষে এন ই পি ২০২০২ ত যুক্তি প্ৰদৰ্শন কৰিছে। নব্য-উদাৰতাবাদী আর্থিক নীতি গ্ৰহণৰ পিছৰপৰাই বিশেষকৈ বিগত দুটা দশকত চৰকাৰসমূহে শিক্ষানুষ্ঠানসমূহলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ সলনি প্রয়োজনীয় ধনৰাশি শিক্ষানুষ্ঠানসমূহক নিজেই যোগাৰ কৰি লবলৈ উদগণি জনোৱাত লাগিল। উচ্চ শিক্ষানুস্থানসমূহেও ছাত্ৰ-ছাত্ৰীৰ শিক্ষামাছুল অত্যাধিক হাৰত বৃদ্ধি কৰিবলৈ ধৰিছে আৰু স্ব-বিনিয়োগকাৰী পাঠ্যক্ৰমক উৎসাহিত কৰি আহিছে। এন ই পি ২০২০য়েও এই সমস্যাটোৰ সমাধান সূত্ৰ দিয়াৰ পৰিৱৰ্তে উচ্চ শিক্ষাত বাণিজ্যিকিকৰণৰ অধিক সুযোগহে সৃষ্টি কৰিলে। মূলতঃ যাৰ ফলত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাচুল বৃদ্ধি কৰাৰ সুযোগ পাইছে আৰু মাচুল বৃদ্ধি কৰিছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ বিৰোধিতা আৰু মাচুল নিয়ন্ত্ৰণৰ দাবী: এছ এফ এই
