ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেঁতুৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।
বলেৰ’ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৩ জন লোক।
ড০ ভূপেন হাজৰিকা সেঁতুৰ সমীপৰ বোকাপথাৰত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত সকলৰ ভিতৰত আছে এগৰাকী মহিলাও।
জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বলেৰ’খনত আছিল মুঠ ৫ জন যাত্ৰী।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন যাত্ৰী।
আহত দুজনক স্থানীয় লোক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে অসম চিকিৎসা মহাবিদ্যালয়লৈ।
দুৰ্ঘটনাত নিহত তিনিওগৰাকী একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে।