ট্ৰাক আৰু টেম্পোৰ ভয়ংকৰ সংঘৰ্ষত ২ জনৰ মৃত্যু

ধুবুৰী জিলাৰ বিলাসীপাৰাত এখন দ্ৰুতবেগী ট্ৰাক আৰু দুখন টেম্পো ভ্যানৰ সংঘৰ্ষত দুজন লোক নিহত হোৱাৰ বিপৰীতে আন চাৰিজন গুৰুতৰভাৱে আহত হয়।

নিহত দুজনক আব্দুল অজিত আৰু মমৰ আলী বুলি চিনাক্ত কৰা হৈছে। আহত সকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, নয়াহাট গাঁৱৰ সমীপত এখন তীব্ৰবেগী ট্ৰাকে দুখন টেম্পো ভ্যানৰ সৈতে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

এই ঘটনাৰ পিছতে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যায়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *