মুম্বাইঃ এজাজ পেটেলে টেষ্ট ক্ৰিকেটত ইতিহাসৰ পুনৰাবৃত্তি কৰি এটা ইনিংছত সম্পূৰ্ণ ১০ টা উইকেট দখল কৰিছে। টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা ইনিংছত ১০ টা উইকেট লোৱা তেওঁ বিশ্বৰ তৃতীয় জন বলাৰ হৈ পৰিছে।
পেটেলৰ আগতে, এই ইতিহাস অনিল কুম্বলে আৰু ইংলেণ্ডৰ জিম লেকাৰে টেষ্ট ক্ৰিকেটত ৰচিছিল। কুম্বলেয়ে ১৯৯৯ চনত দিল্লীৰ ফিৰোজশ্বাহ কোটলা খেলপথাৰত পাকিস্তানৰ বিৰুদ্ধে এই ইতিহাস ৰচনা কৰিছিল।
আনহাতে ইংলেণ্ডৰ জিম লেকাৰে এটা ইনিংছত ১০ টা উইকেট দখল কৰিছিল ১৯৫৬ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে।
উল্লেখ্য যে, ভাৰতীয় মূলৰ খেলুৱৈ গৰাকীয়ে ভাৰতৰ বিৰুদ্ধে খেলি এই ইতিহাস ৰচনা কৰে।