টি-২০ বিশ্বকাপৰ ফাইনেল খেলাৰ স্বপ্ন ভংগ আফগানিস্তানৰ

82

সাহসী প্ৰদৰ্শনেৰে সকলোৰে হৃদয় জয় কৰা আফগানিস্তানে টি-২০ বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাৰ সপোন ভংগ হৈছে। তেওঁলোকে ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ হাতত ন উইকেটত পৰাস্ত হয়। দক্ষিণ আফ্ৰিকাই এই জয়ৰে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে। দক্ষিণ আফ্ৰিকাই শনিবাৰে ফাইনেল মেচ খেলিব। অৱশ্যে পৰাজয় স্বত্বেও আফগান দলটোৱে গৌৰৱেৰে স্বদেশলৈ উভতিব, যিটোৱে সমগ্ৰ ক্ৰিকেট বিশ্বক তেওঁলোকৰ যুঁজাৰু প্ৰদৰ্শনেৰে আচৰিত কৰি তুলিছে। দক্ষিণ আফ্ৰিকাই উৎকৃষ্ট বলিংৰ নমুনা উপস্থাপন কৰি আফগানিস্তানক মাত্ৰ ৫৬ ৰানত অলআউট কৰে। মাৰ্কো জানছেনে ১৬ ৰানত তিনিটা উইকেট দখল কৰে, আনহাতে কাগিচো ৰাবাডাই ১৪ টা আৰু আনৰিচ নৰ্টজে সাত ৰানত দুটা উইকেট দখল কৰে। পাৱাৰপ্লেৰ ভিতৰত, আফগানিস্তানৰ স্ক’ৰ আছিল পাঁচ উইকেটত ২৮ আৰু সমগ্র দলটোৱে ১১.৫ অভাৰত অলআউট হ’ল। কুইন্টন ডি ককৰ উইকেট সোনকালে হেৰুওৱা স্বত্বেও দক্ষিণ আফ্ৰিকাই ৮.৫ অভাৰত সহজে ৬০ ৰান সংগ্ৰহ কৰে। ৰিজা হেণ্ড্ৰিক্সে ২৯ ৰান সংগ্ৰহ কৰে আৰু অধিনায়ক এডেন মাৰ্ক্ৰাম ২৩ ৰানত অপৰাজিত আছিল। আফগানিস্তানে তেওঁলোকৰ সকলো শক্তি ছেমি ফাইনেলত উপনীত হ’বলৈ প্ৰয়োগ কৰিছিল, যিটো তেওঁলোকৰ প্ৰদৰ্শনত প্ৰতিফলিত হৈছিল। তেওঁলোকৰ বেটছমেনসকলে দক্ষিণ আফ্ৰিকাৰ বলাৰৰ সন্মুখত বৰ্তি থাকিব নোৱাৰিলে আৰু দলটো তেওঁলোকৰ সৰ্বনিম্ন স্ক’ৰত অলআউট হয়।