টি-২০ত ২০০০ ৰান সম্পূৰ্ণ মহম্মদ ৰিজৱান- কে এল ৰাহুলৰ

ইংলেণ্ডৰ বিৰুদ্ধে মঙলবাৰে খেলা টি-২০ খেলখনত পাকিস্তানৰ তাৰকা বেটছমেন মহম্মদ ৰিজৱানে এক বিশেষ স্থান অৰ্জন কৰে। মহম্মদ ৰিজৱানে এই খেলখনৰ জৰিয়তে টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ২০০০ ৰান সম্পূৰ্ণ কৰে। ইয়াৰ লগতে ৰিজৱানে বিশ্বৰ শ্ৰেষ্ঠ বেটছমেন বিৰাট কোহলীৰ বিশেষ অভিলেখো ভংগ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ৰেংকিঙত এক নম্বৰ স্থানত থকা মহম্মদ ৰিজৱানে পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ অভিলেখৰ সমপৰ্যায়ত উপনীত হৈছে। ৰিজৱানে তেওঁৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৫২ তম ইনিংছত ২০০০ ৰান সম্পূৰ্ণ কৰিছে। ৰিজৱানে টি-২০ আন্তৰ্জাতিক খেলত দ্ৰুততম ২০০০ ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বাবৰৰ পৰ্যায়ত উপনীত হৈছে। বিৰাট কোহলীয়ে তেওঁৰ টি-২০ কেৰিয়াৰৰ ৫৬ তম ইনিংছত ২০০০ ৰান সম্পূৰ্ণ কৰিছিল। কিন্তু এতিয়া বাবৰৰ পিছত, ৰিজৱানেও এই ক্ষেত্ৰত কোহলীতকৈ আগবাঢ়ি গৈছে। মঙলবাৰে, কে এল ৰাহুলেও তেওঁৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ২০০০ ৰান সম্পূৰ্ণ কৰে। ৰাহুলে তেওঁৰ কেৰিয়াৰৰ ৫৮ তম ইনিংছত এই স্থান অৰ্জন কৰিছিল আৰু দ্ৰুততম ২০০০ ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত তেওঁ চতুৰ্থ স্থানত আছে। এৰন ফিণ্টে তেওঁৰ কেৰিয়াৰৰ ৬২ তম ইনিংছত ২০০০ ৰান সম্পূৰ্ণ কৰিছিল। বাবৰ আজমৰ বিষয়ে ক’বলৈ গ’লে, তেওঁ যোৱা বছৰ এপ্ৰিলত জিম্বাবোৱে ভ্ৰমণত এই বিশেষ স্থান অৰ্জন কৰিছিল। এতিয়া ৰিজৱানে ইংলেণ্ডৰ বিৰুদ্ধে ৪৬ টা বলত ৬৮ ৰান সংগ্ৰহ কৰি বাবৰ আজমৰ অভিলেখৰ সমতুল্য হৈছিল। অৱশ্যে, পাকিস্তানৰ বিৰুদ্ধে ৭ খন খেলৰ টি-২০ শৃংখলাত উভতি অহাৰ সুযোগ আছে। ইংলেণ্ড বৰ্তমান শৃংখলাটোত ১-০ত আগবাঢ়ি আছে। শৃংখলাটোৰ দ্বিতীয়খন খেল ২২ ছেপ্টেম্বৰত নেচনেল কৰাচী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *