টিচিএছ ৰেচিং ২০২৩ত ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছে জাগুৱাৰে

বিশ্বৰ পাঁচখন মহাদেশৰ ১১খন চহৰ আৰু ১৬টা ৰেচৰ অন্তত জাগুৱাৰ টিচিএছ ৰেচিঙে এবিবি এফআইএ ফৰ্মূলা ই বিশ্ব চেম্পিয়নশ্বিপ ২০২৩ত ২৯২ পইণ্টেৰে ৰানাৰ্ছ আপৰ স্থান দখল কৰিছে – ফৰ্মূলা ইত দলটোৱে লাভ কৰিছিল সৰ্বাধিক পইণ্ট। ১১টা প’ডিয়াম, ৪টা জয়, ৩টা পোল পজিচনত দলটোৱে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ড্ৰাইভাৰ্ছ ৱৰ্ল্ড চেম্পিয়নশ্বিপত মিটচ ইভান্সে ১৯৭ পইণ্টেৰে তৃতীয় স্থান দখল কৰে, যি হৈছে ফৰ্মূলা ইত তেওঁৰ এয়া সৰ্বাধিক পইণ্ট। দ্বিতীয় স্থানৰ নিক কেচিডিৰ পৰা মাত্ৰ দুটা পইণ্টত পিছ পৰি আছিল ইভান্স।

ফাইনেল ৰেচত জাগুৱাৰ টিচিএছ ৰেচিং আৰু এনভিজন ৰেচিং পইণ্টৰ বাবে সমতাত থাকে, মিচ ইভান্সৰ অগ্ৰগতিৰ বিপৰীতে ষষ্ঠ স্থানত আছিল ছেম বাৰ্ড। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙা পতাকাযুক্ত ৰেচ অনুষ্ঠিত হৈছিল, নিক কেচিডি আৰু মিটচ ইভান্স ৩০টা লেপৰ অন্তত বিজয়ী হৈছিল। এনভিজনে ৪.৯ ছেকেণ্ডত জয় নিশ্চিত কৰাৰ বিপৰীতে ছেম বাৰ্ড সপ্তম স্থানত থাকে। প্ৰতিযোগিতাৰ অন্তত জাগুৱাৰ টিচিএছ ৰেচিং দলৰ অধ্যক্ষ জেমছ বাৰ্কলেই কয় যে, : “দলৰ খিতাপ নিশ্চিত কৰাৰ বাবে মই এনভিজন ৰেচিঙৰ সকলোকে অভিনন্দন জনাইছোঁ।”

জাগুৱাৰৰ গ্ৰাহক দল এনভিজন ৰেচিঙে ৩০৪ চেম্পিয়নশ্বিপ পইণ্টেৰ সৈতে এবিবি এফআইএ ফৰ্মুলা ই বিশ্ব চেম্পিয়নশ্বিপ ২০২৩ৰ খিতাপ দখল কৰিছে। জাগুৱাৰ টিচিএছ ৰেচিঙৰ প্ৰতিযোগিতামূলক ২০২৩ ছিজনত দেখা গৈছিল ৰেকৰ্ড পইণ্ট, প’ডিয়াম, প’ল পজিচন আৰু বিজয়ৰ ক্ষণ। প্ৰতিযোগিতাখনৰ অন্যতম সদস্য ছেম বাৰ্ডে অষ্টম স্থানত সমাপ্ত কৰি ৭টা প’ডিয়াম আৰু ২১৫ পইণ্ট লাভ কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *