টিআইই দিল্লী-এনচিআৰে আয়োজন কৰিছে ‘মেলেৰিয়া হেকফেষ্ট – প্ৰিডিক্ট, প্লেন এণ্ড প্ৰিভেণ্ট’

মৰ্টেইনৰ দ্বাৰা পৰিচালিত তথ্যপ্ৰযুক্তি-সক্ষম উদ্ভাৱন ভিত্তিক হেকফেষ্ট ‘মেলেৰিয়া হেকফেষ্ট – প্ৰেডিক্ট, প্লেন এণ্ড প্ৰিভেণ্ট’ আয়োজন কৰিবলৈ অংশীদাৰিত্ব কৰিছে টিআইই দিল্লী-এনচিআৰে প্ৰয়ত্নই। এই পদক্ষেপৰ উদ্দেশ্য হৈছে নিৰীক্ষণ, স্থান ধৰা পেলোৱা আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বানুমানৰ ব্যৱধান দূৰ কৰা। এই হেকফেষ্টত আইআইটি, এনআইটি, আইআইটিকে ধৰি ভাৰতৰ আগশাৰীৰ প্ৰযুক্তি স্কুলসমূহক এই ব্যৱধানসমূহ দূৰ কৰিবলৈ ষ্টাৰ্ট-আপৰ বাবে সন্ধান কৰিবলৈ আমন্ত্ৰণ জনোৱা হ’ব। বিজয়ী প্ৰতিযোগীয়ে ৫ লাখ টকা পৰ্যন্ত বঁটা লাভ কৰিব।

ভাৰতত তথ্য প্ৰযুক্তি-সক্ষম উদ্ভাৱনৰ জৰিয়তে মেলেৰিয়ামুক্ত অঞ্চল গঢ়ি তোলাৰ বাবে চিন্তাৰ প্ৰধান ক্ষেত্ৰবোৰৰ ভিতৰত আছে বাস্তৱ-সময়ৰ নিৰীক্ষণ প্ৰণালী, বৰ্ধিত ম’হৰ সংক্ৰমণ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বানুমান, ম’হৰ প্ৰজনন স্থানৰ হটস্পট এলেকাৰ গ্ৰেডিয়েণ্ট তাপ মেপিং আৰু তৃণমূল পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে বিস্তৃত এক স্কেলেবল মডেল।

এই বিষয়ে টিআইই দিল্লী-এনচিআৰৰ ইডি গীতিকা দয়ালে কয় যে, ”মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ দূৰ কৰাত সহায়ক হোৱাকৈ পথ প্ৰদৰ্শক ষ্টাৰ্টআপক আমন্ত্ৰণ জনোৱাৰ বাবে এই কাৰ্যসূচীয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে। উদ্যোগী আৰু ষ্টাৰ্টআপসমূহে নিজৰ নিজৰ উদ্ভাৱনসমূহ প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰাত টিইই দিল্লী-এনচিআৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু ৰেকিটৰ সৈতে অংশীদাৰিত্বই কেৱল ভাৰততে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ম’হৰ দ্বাৰা সৃষ্টি হোৱা ৰোগৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনত গেম-চেঞ্জাৰ হ’ব বুলি আশা কৰা হৈছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *