টয়োটাই প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনালৈ আগবঢ়ালে হাইলাক্সৰ ফ্লীট

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) টয়োটা হিলাক্সৰ এটা ফ্লীট ভাৰতীয় সেনাক হস্তান্তৰ কৰিছে, যি কোম্পানীটোৰ প্ৰথমটো ডেলিভাৰী চিহ্নিত কৰিছে। ভাৰতীয় সেনাৰ নৰ্ডাৰ্ণ কমাণ্ডে বাহনখন বিশেষভাৱে মূল্যায়ন কৰিছিল, যিয়ে প্ৰতিকূল বতৰ আৰু ৰুক্ষ অঞ্চলতো সুন্দৰ প্ৰদৰ্শন কৰিছিল। এই আইকনিক ইউটিলিটি বাহনখন নিজৰ স্থায়িত্ব, বলিষ্ঠতা, নিৰ্ভৰযোগ্যতা আৰু অফ-ৰোডিং কেপাচিটীৰ বাবে বিশ্বব্যাপী স্বীকৃত হৈছে।

বিশ্বজুৰি এক নিৰ্ভৰযোগ্য অফ-ৰোডাৰ হিচাপে হাইলাক্স মূল্যহীন বুলি প্ৰমাণিত হৈছে আৰু ভাৰতীয় সেনাই ক্ৰয় কৰাৰ পিছত ইয়াৰ বিভিন্ন পৰীক্ষা(পষ্ট ৰিজৰাৰ্ছ)ই নিজৰ সুনাম আৰু অধিক শক্তিশালী কৰিছে। টয়োটা হাইলাক্সে বিশ্বজুৰি ২ কোটিৰো অধিক ইউনিট বাহন বিক্ৰী কৰি পৃথিৱীৰ প্ৰায় ১৮০খন দেশৰ গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। একেৰাহে পাঁচ দশক আৰু আঠ প্ৰজন্মতকৈও অধিক সময় ধৰি হাইলাক্সে ব্যতিক্ৰমী অভিজ্ঞতা আৰু ৰোমাঞ্চকৰ ড্ৰাইভ বিচৰাসকলৰ সৈতে এক শক্তিশালী সম্পৰ্ক বা বান্ধোন সৃষ্টি কৰিছে। এই বিষয়ে ষ্ট্ৰেটেজিক বিজনেছ ইউনিট (নৰ্থ)ৰ জেনেৰেল মেনেজাৰ ভি ৱাইজলাইন ছিগামণিয়ে উৎসাহেৰে কয় যে, “এই ফ্লীটে নিৰ্ভৰযোগ্য সামগ্ৰী আগবঢ়োৱাৰ ক্ষেত্ৰত আমাৰ দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰিছে আৰু আহি থকা দিনবোৰত ভাৰতীয় সেনাৰ সৈতে আমাৰ অবিৰত সংযোগ বা সম্পৰ্কৰ বাবে যথেষ্ট আগ্ৰহী।”

টয়োটা হাইলাক্সত আছে ২.৮ এল ফৰ চিলিণ্ডাৰ টাৰ্বো-ডিজেল ইঞ্জিন। লগতে এইখন ৬-স্পীড অটোমেটিক আৰু ৬-স্পীড মেনুৱেল ট্ৰেন্সমিছনৰ সৈতে এক বহুমুখী ইউটিলিটি বাহন। ই ৪X৪ ড্ৰাইভ ক্ষমতা আৰু উন্নত সুবিধাসমূহ যেনে ৮” ইনফ’টেইনমেণ্ট, সংযোজিত সুবিধা, ডুৱেল জ’ন এচি, টায়াৰ এংগল মনিটৰ আৰু মসৃণ যাত্ৰাৰ বাবে ফ্ৰণ্ট পাৰ্কিং চেন্সৰ প্ৰদান কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *