জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনলৈ অভিনন্দন জনাই কলিংগ সাহিত্য উৎসৱৰ বিশেষ অনুষ্ঠান

 জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনলৈ অভিনন্দন জনাই কলিংগ সাহিত্য উৎসৱৰ বিশেষ অনুষ্ঠান যোৱা ইংৰাজী ১৭ এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈ যায়। কলিংগ সাহিত্য উৎসৱৰ “অসমীয়া কবিতাত ঐতিহ্য-চেতনা আৰু আধুনিকতা” বিষয়ত আলোচনাত অংশগ্ৰহণ কৰে অসমৰ চাৰিগৰাকী কবি ক্ৰমে নীলিম কুমাৰ, বিজয় শংকৰ বৰ্মন, দেৱৰাজ মিলি আৰু ৰঞ্জিত পাটগিৰিয়ে।  কলিংগ সাহিত্য উৎসৱে  অনুষ্ঠিত কৰা  ‘ভাষা উৎসৱ’ অনুষ্ঠানত “সাম্প্ৰতিক অসমীয়া কবিতাত ঐতিহ্য-চেতনা আৰু আধুনিকতা” শীৰ্ষক বিষয়ত আলোচনা চক্ৰ খনি কবি তথা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱৰাজ মিলিয়ে আঁত ধৰে। অনুষ্ঠানৰ আৰম্ভণিতে জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনলৈ বিশেষ অভিনন্দন জনোৱা হয় । কবিতাৰ উক্ত অনুষ্ঠানত নীলিম কুমাৰে  অসমীয়া কবিতাত ঐতিহ্য চেতনা, বিজয় শংকৰ বৰ্মনে অসমীয়া কবিতাত আধুনিকতা, ৰঞ্জিত পাটগিৰিয়ে অসমীয়া কবিতাৰ প্ৰত্যাহ্বান আৰু  দেৱৰাজ মিলিয়ে অসমীয়া কবিতাত জনগোষ্ঠীয় ঐতিহ্য ইত্যাদি বিষয়ত আলোচনা আগবঢ়ায়।

। উল্লেখযোগ্য যে, ভাৰতৰ ২২ টা আঞ্চলিক ভাষাত ইতিমধ্যে কলিংগ সাহিত্য উৎসৱে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। কলিংগ সাহিত্য উৎসৱে অসমত    অনুষ্ঠিত কৰা  অনলাইন সাহিত্য চিৰিজ  অনুষ্ঠান সন্দৰ্ভত আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে কলিংগ সাহিত্য  উৎসৱৰ সঞ্চালক ৰশ্মি ৰঞ্জন ফৰিদা আৰু সহঃ সঞ্চালক তথা সংগ্ৰহাধ্যক্ষ আশুতোষ কুমাৰ ঠাকুৰ আৰু সুধাংশু মহাপাত্ৰ দেৱে  জনোৱা  মতে,  অহা  মে মাহত ঔপন্যাসিক মামনি ৰয়চম গোস্বামীৰ পবিত্ৰ স্মৃতিত এক অনুষ্ঠান অনুষ্ঠিত হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *