জেনকেন কৰ্পোৰেচনৰ সৈতে সহযোগিতা কৰিছে এনএছডিচিআইয়ে

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেচন (এনএছডিচি)ৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান এনএছডিচি ইণ্টাৰনেচনেল লিমিটেডে(এনএছডিচিআই) টকিঅ’ ষ্টক এক্সচেঞ্জ গ্ৰ’থ মাৰ্কেটত তালিকাভুক্ত আৰু নিযুক্তি সেৱাৰে নিয়োজিত জাপানী প্ৰতিষ্ঠান জেনকেন কৰ্প’ৰেচনন (জেনকেন)ৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। আইটি(তথ্যপ্ৰযুক্তি) পেছাদাৰী, নিৰ্দিষ্ট দক্ষ শ্ৰমিক আৰু নিযুক্তিৰ সময়ত তেওঁলোকক সমৰ্থন কৰা জাপানী প্ৰতিষ্ঠানৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে জাপানত ভাৰতীয় যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদানৰ দক্ষতাৰ ব্যৱধান দূৰ কৰা আৰু দুয়োখন দেশৰ মাজত সাংস্কৃতিক আদান-প্ৰদানক উদগনি দিয়া।

জেনকেনৰ চাকৰিৰ বিৱৰণৰ ভিত্তিত প্ৰাৰ্থীসকলক পৰীক্ষা কৰিব এনএছডিচিআইয়ে, যাৰ ফলত জাপানত নিয়োগৰ বাবে প্ৰাৰ্থীসকল সাজু হোৱা বা প্ৰস্তুতি নিশ্চিত কৰা হ’ব। এইসকল প্ৰাৰ্থীয়ে সলসলীয়াকৈ ক’ব পৰাকৈ জাপানী ভাষা আৰু দক্ষতাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব, যাৰ ফলত বিভিন্ন খণ্ডত ভাৰতীয় প্ৰাৰ্থীৰ বাবে অনুকূল প্লেচমেণ্ট বা নিযুক্তি নিশ্চিত হ’ব। দুয়োটা দলে সমগ্ৰ মূল্য শৃংখলাত প্ৰি-স্ক্ৰীনিঙৰ পৰা আৰম্ভ কৰি নিয়োগৰ পিছৰ সমৰ্থনলৈকে প্ৰাৰ্থীসকলক সমৰ্থন কৰিব। এই বিষয়ে উল্লেখ কৰি এনএছডিচি ইণ্টাৰনেচনেলৰ চিইঅ’, এনএছডিচি আৰু এমডি বেদমণি তিৱাৰীয়ে কয় যে, “আমি আমাৰ প্ৰাৰ্থীসকলৰ বাবে এক নিৰৱচ্ছিন্ন পৰিৱৰ্তন আৰু অবিৰত সমৰ্থন সুনিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যাতে জাপানত কাম কৰিব বিচৰা লোকসকলৰ সপোন বাস্তৱত পৰিণত হয়।”

জাপানী ভাষা আৰু দক্ষ নাৰ্চিং কেয়াৰৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক নিয়োগ, প্ৰশিক্ষণ আৰু প্ৰেৰণ কৰিবলৈ সহযোগিতা কৰিব জেনকেন আৰু এনএছডিচিআইয়ে। ২০২৫ চনৰ ভিতৰত জাপানত ভাৰতীয় কৰ্মচাৰীৰ বাবে ২২০টা চাকৰি সৃষ্টিৰ লক্ষ্যৰে জাপানী কোম্পানীসমূহক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *