দেওবাৰে নিশা মহানগৰীৰ জালুকবাৰীত সংঘটিত হোৱা এই মৰ্মান্তিক পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱায় ৭ জন অসমীয়া ডেকাই।
নিহত আটাইকেইজন যুৱক অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় ষণ্মাসিকৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, ৭ ছাত্ৰবন্ধুৱে নিশা এখন স্ক’ৰপিঅ’ বাহনেৰে গৈ থকা সময়তে জালুকবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইডাৰত খুন্দা মাৰে।
ইয়াৰ পিছতে স্ক’ৰপিঅ’খনে বিপৰীত দিশৰ পৰা অহা এখন বলেৰ’ পিকআপত খুন্দা মৰাত চুচূৰ্মৈ হৈ পৰে বাহনখন।
যাৰ ফলত গাড়ী থকা ৭ যুৱকৰ ঘটনাস্থলীতে মৃত্যু ঘটে।
নিহত ছাত্ৰ কেইজনক মাজুলীৰ কমলাবাৰীৰ ৰাজকিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন গায়ন, চৰাইদেউৰ বকতা লাইপালেঙৰ কৌশিক মোহন, নগাঁৱৰ উপাংশু শৰ্মা, মঙলদৈৰ জ্যোতিনগৰৰ কৌশিক বৰুৱা, গুৱাহাটীৰ অৰিন্দম ভল্লাল আৰু গোলাঘাটৰ নিয়ৰ ডেকা বুলি চিনাক্ত কৰা হৈছে।
দুৰ্ঘটনাত বলেৰ’ পিকআপত থকা ৩ জন লোকো গুৰুতৰভাৱে আহত হয়।
ইফালে যুৱক কেইজনে গৈ থক স্ক’ৰপিঅ’খনৰ পৰা সুৰাৰ বটল উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত দুৰ্ঘটনাৰ সময়ত যুৱক কেইজনে সুৰাপান কৰি থকাৰ সন্দেহ কৰা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি পুৱা জালুকবাৰীৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে।
ইয়াৰ পিছতে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙেও জালুকবাৰীত উপস্থিত হৈ সুৰাপান কৰি বাহন নচলাবলকৈ সকলোকে আহ্বান জনায়।
