জনজাতীয় মহিলাক উলংগ কৰি অত্যাচাৰ! বিধায়ক পত্নীসহ ৩ জনৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

মহাৰাষ্ট্ৰৰ বীদ জিলাৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। বিজেপি বিধায়ক সুৰেশ ধাসৰ পত্নীসহ ৩জন লোকৰ বিৰুদ্ধে ৰুজু হৈছে এক অত্যাচাৰৰ গোচৰ। এগৰাকী জনজাতীয় মহিলাক উলংগ কৰাৰ অভিযোগ উত্থাপন হৈছে বিধায়কৰ পত্নীৰ বিৰুদ্ধে।

এই গোচৰত আই পি চিৰ ধাৰা ৩৫৪, ৩৫৪ বি, ৩২৩, ৫০৪, ৫০৬, ৩৫৪ এ, ৩৪, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ অত্যাচাৰ ধাৰাৰ অধীনত বিজেপি বিধায়ক সুৰেশ ধাস, ৰাহুল জগদালে আৰু ৰঘু পাৱাৰৰ পত্নী প্ৰজাক্ত সুৰেশ ধাস, ৰাহুল জগদালে আৰু ৰঘু পাৱাৰৰ বিৰুদ্ধে বীদৰ আশী থানাত গোচৰ ৰুজু কৰা হৈছে।

বিধায়কগৰাকীৰ পত্নীয়ে নিজৰ পূৰ্বপুৰুষৰ মাটি দখল কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী জনজাতীয় মহিলাগৰাকীয়ে। যোৱা দেওবাৰে সংঘটিত এই সমগ্ৰ ঘটনা। অভিযোগ কৰা হৈছে যে যোৱা ১৫ অক্টোবৰত জনজাতীয় মহিলাগৰাকীয়ে পৰিয়ালসহ নিজৰ ফাৰ্মৰ পৰা ম’হৰ গাড়ী ব্যৱহাৰ কৰি জীৱ-জন্তুৰ বাবে খাদ্য আনিবলৈ গৈছিল। আনহাতে মহিলাগৰাকীৰ সৈতে তেওঁৰ স্বামী আৰু বোৱাৰীও আছিল।

পথাৰত উপস্থিত হোৱাৰ পাছতে স্বামী-বোৱাৰীয়েক কিছু দূৰলৈ যায়, আনহাতে ভুক্তভোগী মহিলাগৰাকীয়ে পথাৰত থকা জীৱ-জন্তুৰ বাবে পশুখাদ্য ভৰোৱা আৰম্ভ কৰে। তাৰপিছত অভিযুক্ত ৰাহুল জগদলে আৰু ৰঘু পাৱাৰ আহি প্ৰহাৰ কৰিবলৈ ধৰিলে। মহিলাগৰাকীয়ে নিজকে বচাবলৈ চেষ্টা কৰিলে। ইফালে অভিযুক্তই মহিলাগৰাকীৰ কাপোৰ খুলি উলংগ কৰি পেলায়।

এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ও পোহৰলৈ আহিছে। ভিডিঅ’টোত দুয়োজন অভিযুক্তই বাইকেৰে পলাই যোৱা দেখা গৈছে, আনহাতে এগৰাকী উলংগ জনজাতীয় মহিলাই দুয়োজন অভিযুক্তক খেদি ফুৰা দেখা গৈছে। এই সমগ্ৰ বিষয়টোত বিধায়কগৰাকীয়ে কয় যে সমগ্ৰ বিষয়টো মিছা, তেওঁ অতি সোনকালে ইয়াৰ বিষয়ে বিতংভাৱে ক’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *