ছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ ফাইনেলত অংশু মালিক

অংশু মালিকে শুকুৰবাৰে ইয়াত এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত তেওঁৰ তিনিওটা যুজঁত শ্ৰেষ্ঠতাৰ ভিত্তিত বাউটত জয় লাভ কৰি ৫৭ কিলোগ্ৰাম শাখাৰ খিতাপ সংঘৰ্ষত প্ৰৱেশ কৰে।

অৰ্থাৎ তেওঁ পদক নিশ্চিত কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে, মনীষাই ৬২ কিলোগ্ৰাম ব্ৰঞ্জৰ পদকৰ বাবে ৰিংত প্ৰৱেশ কৰিব। হাৰিয়ানাৰ নিমানি গাঁৱৰ ২০ বছৰীয়া ডিফেণ্ডিং চেম্পিয়ন অংশুৱে এছিয়ান চেম্পিয়নশ্বিপত তৃতীয়টো পদক অৰ্জন কৰে আৰু ইয়াত প্ৰতিটো বাউটত আধিপত্য বিস্তাৰ কৰে। ২০২০ চনত ভাৰতত আৰু যোৱা বছৰ আলমাটিত ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত অংশুৱে যোৱা বছৰ আলমাটিত ৫৭ কিলোগ্ৰাম খিতাপ জিকিছিল। যোৱা বছৰ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা হোৱা অংশুৱে উজবেকিস্তানৰ শোখিদা আখমেদোভাৰ বিৰুদ্ধে জয়লাভ কৰি আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ ছিংগাপুৰৰ ডেনিয়েল চু চিং লিমক পৰাস্ত কৰিছিল। অংশুৱে প্ৰতিদ্বন্দীসকলক তেওঁৰ সুন্দৰ খেলৰ সৈতে চিন্তা বা ৰণনীতি কৰাৰ কোনো সুযোগ দিয়া নাছিল। তেওঁ ছেমি ফাইনেলত মঙ্গোলিয়াৰ বোলোৰটুয়া খুৰেলখোৰ প্ৰত্যাহ্বান দুই মিনিট আৰু ১২ ছেকেণ্ডত সমাপ্ত কৰে। ‘ডাবল লেগ আক্ৰমণ’ৰ সহায়ত চাৰি পইণ্ট অৰ্জন কৰাৰ পিছত অংশুৱে সহজে ‘টেক-ডাউন’ আৰু ‘পুছ-আউট(খেলপথাৰৰ পৰা বাহিৰ লৈ)’ পইণ্ট সংগ্ৰহ কৰিছিল। কিছু সময়ৰ পৰা ঘৰুৱা ইভেণ্টত ৬২ কিলোগ্ৰাম শাখাত ভাল প্ৰদৰ্শন কৰি অহা মনীষাই ছেমি ফাইনেলত মাত্ৰ ৪০ ছেকেণ্ডত জাপানৰ নোনোকা ওজাকিৰ হাতত পৰাজিত হৈ তেওঁক সোণৰ পদকৰ দৌৰৰ পৰা বাহিৰ কৰি দিয়ে। প্ৰতিযোগিতাৰ আৰম্ভণিতে ওজাকীয়ে তেওঁক ‘লেগ-লেছ মুভ (বিপক্ষৰ ভৰি ধৰি)’ত ফান্দত পেলাইছিল আৰু এটা ষ্ট্ৰোকত বাউটটো সমাপ্ত কৰিছিল। কাজাখস্তানৰ আয়াউলিম কাচিমোভাৰ বিৰুদ্ধে ৯-০ৰ জয়েৰে মনীষাৰ আৰম্ভণি ভাল আছিল। তেওঁ ব্ৰঞ্জৰ পদকৰ বাবে কোৰিয়াৰ হানবিট লীৰ সৈতে খেলিব। ইফালে, স্বাতী চিন্দে (৫৩ কিলোগ্ৰাম) কাৰিকৰী শ্ৰেষ্ঠতাৰ দ্বাৰা তেওঁৰ দুয়োটা বাউট হেৰুৱায় আৰু পদকৰ দৌৰৰ পৰা বাহিৰ হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *