ছিংগাপুৰ-ভাৰত-হেকাথন ২০২৩ৰ বাবে নিৰ্বাচিত হৈছে গেংলিয়া টেকন’লজিছ

কস্তুৰবা মেডিকেল আৰু মণিপাল ইনষ্টিটিউট অৱ টেকন’লজীৰ গৱেষণা, উদ্ভাৱন আৰু উদ্যোগীকৰণৰ মনোযোগৰ ওপৰত ভিত্তি কৰি ষ্টাৰ্ট-আপ গাংলিয়া টেকন’লজিছ প্ৰাইভেট লিমিটেডক ছিংগাপুৰ-ভাৰত-হেকাথন ২০২৩ৰ বাবে তালিকাভুক্ত কৰা হৈছে। কোম্পানীটোৱে ১২টা ভাৰতীয় ষ্টাৰ্ট-আপৰ ভিতৰত স্থান লাভ কৰিছে এই কেটেগৰীত।

মাহেৰ মণিপালৰ কে এম চিৰ জৰুৰীকালীন চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ জয়ৰাজ মিম্বিলি বালাকৃষ্ণনৰ অক্লান্ত প্ৰচেষ্টা আৰু তথ্য বিজ্ঞান বিভাগৰ এম ডি আৰু মুখ্য কাৰ্যবাহী বিষয়া ডাঃ দশৰথৰাজ কে শেট্টী তথা বিজ্ঞান আৰু কম্পিউটাৰ প্ৰয়োগ বিভাগৰ সহযোগী অধ্যাপক, এম আই টি মণিপাল আৰু মণিপাল-জিঅ’কে-বায়’ইনকিউবেটৰ আৰু চেণ্টাৰ ফৰ ডিজেষ্টাৰ মেনেজমেণ্ট, মাহেৰ গুৰুত্বপূৰ্ণ সহযোগিতাৰ লগতে ডিমড ইউনিভাৰ্চিটি অৱ মাহে, কে এম চি আৰু এম আই টিৰ অবিৰত সহায়ৰ বলতে এই মাইলষ্টন  লাভ কৰিবলৈ সক্ষম হৈছে ।  এই বিষয়ে উল্লেখ কৰি মণিপাল ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি) মাহেৰ সঞ্চালক কমাণ্ডাৰ (ড০) অনিল ৰাণাই কয় যে, “আমি এই কৃতিত্বৰ বাবে গৌৰৱান্বিত আৰু আৰু হেকাথনত অংশগ্ৰহণ কৰিবলৈ আশাবাদী যিয়ে শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি তথা চিন্তাশীল নেতৃত্বৰ আদান-প্ৰদানৰ বাবে এক অনন্য সুযোগ প্ৰদান কৰিব।”

গাংলিয়া টেকন’লজিছ প্ৰাইভেট লিমিটেড হৈছে মণিপাল – কৰ্ণাটক চৰকাৰৰ বায়’ইনকিউবেটৰৰ অংশ, যি হৈছে সামগ্ৰী বা পণ্যৰ বাণিজ্যিকীকৰণৰ বাবে ষ্টাৰ্ট-আপ ইনকিউবেচন আৰু আপস্কেলিং(উন্নীতকৰণ) প্ৰযুক্তি উদ্ভাৱনৰ সুবিধা প্ৰদান কৰা এক মঞ্চ। এই প্ৰতিষ্ঠানটোৱে ষ্টাৰ্ট-আপ ইণ্ডিয়া চিড ফাণ্ড আঁচনিৰ অধীনত লাভ কৰিছিল অনুদান ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *