ছ’চিয়েল মিডিয়াত নিজৰ মৃত্যুৰ ভুৱা প্ৰচাৰ! জে’ললৈ যাব নেকি মডেল পুনম পাণ্ডে…

মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেৰ মৃত্যুৰ খবৰ পাই সকলোৱে স্তম্ভিত হৈ পৰিছিল যদিও ঠিক পিছদিনা অৰ্থাৎ শনিবাৰে পুনম পাণ্ডেয়ে নিজেই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে তেওঁ জীয়াই আছে। পুনম পাণ্ডেয়ে নিজেই তেওঁৰ মৃত্যুৰ ভুৱা খবৰটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি প্ৰচাৰ লাভ কৰিবলৈ চেষ্টা কৰা বুলি মন্তব্য কৰে। তেওঁৰ এই কাৰ্যৰ বাবেই ছ’চিয়েল মিডিয়াত ক্ষুব্ধ হৈ পৰিছে নেটিজেন।

ইফালে ভুৱা বাতৰি বিয়পোৱাৰ বাবে জে’ললৈও যাবলগীয়া হ’ব পাৰে অভিনেত্ৰীগৰাকী। ইয়াৰ লগতে তেওঁৰ ওপৰত জৰিমনাও আৰোপ কৰিব পাৰে। আই টি এক্ট-২০০০ৰ ৬৭ নং ধাৰাত যদি কোনোবাই প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত উৰাবাতৰি প্ৰচাৰ কৰাৰ বাবে দোষী সাব্যস্ত হয়, তেন্তে তেওঁক তিনি বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে। লগতে ৫ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব পাৰে। একেটা অপৰাধ পুনৰাবৃত্তি হ’লে অপৰাধীয়ে ৫ বছৰৰ কাৰাদণ্ড আৰু ১০ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।

ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত পুনম পাণ্ডেই কয়, ‘হেল্ল’ আই এম পুনম। ক্ষমা কৰিব, মই আঘাত দিয়া সকলৰ ওচৰত ক্ষমা বিচাৰিছো। মোৰ উদ্দেশ্য আছিল সকলোকে আচৰিত কৰা, কাৰণ মই ছাৰ্ভাইকেল কেন্সাৰৰ বিষয়ে আলোচনা কৰিব বিচাৰিছিলো, যাৰ বিষয়ে আমি বেছি কথা নকওঁ। হয়, মোৰ মৃত্যুৰ মিছা খবৰ বিয়পাই দিলোঁ। হঠাতে আমি সকলোৱে ছাৰ্ভাইকেল কেন্সাৰৰ কথা পাতিবলৈ ধৰিলোঁ। এই ৰোগ যিয়ে নিৰৱে আপোনাৰ জীৱন কাঢ়ি লৈ ​​যায়। এই ৰোগৰ বিষয়ে অধিক কথা কোৱাৰ প্ৰয়োজন আছে। মই গৌৰৱান্বিত যে মোৰ মৃত্যুৰ খবৰৰ বাবেই সকলোৱে এই ৰোগৰ বিষয়ে জানিবলৈ আৰম্ভ কৰিছে।’

উল্লেখ্য যে, পুনমৰ মৃত্যুৰ খবৰ লাভ কৰি কংগনা ৰানাৱট, মুনাৱাৰ ফাৰুকী, ডেইজী শ্বাহ, পূজা ভাটকে ধৰি বহু চেলিব্ৰিটিয়ে শোক প্ৰকাশ কৰিছিল। কংগনা ৰানাৱটে ইনষ্টাগ্ৰাম যোগে শোক প্ৰকাশ কৰিছিল। তেওঁৰ ৰিয়েলিটি শ্ব’ৰ অংশ আছিল পুনম পাণ্ডে। তেওঁ দুখ প্ৰকাশ কৰি কয় যে এইটো অতি দুখজনক। এগৰাকী যুৱতী কেন্সাৰত জীৱন হেৰুৱাই পেলোৱাটো এক দুৰ্যোগ। অভিনেত্ৰী সম্ভনা ছেথেও কৈছিল যে পুনম পাণ্ডেয়ে কেতিয়াও তেওঁৰ ছাৰ্ভাইকেল কেন্সাৰৰ কথা উল্লেখ কৰা নাছিল। সম্ভাৱনাই পুনমৰ সৈতে ৰিয়েলিটি শ্ব’ খটৰো কে খিলাড়ীত অংশগ্ৰহণ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *