আগশাৰীৰ ইনষ্টেণ্ট নুডলছ আৰু পাস্তা ব্ৰেণ্ড আইটিচিৰ চানফিষ্ট য়িপ্পী!য়ে মুকলি কৰিছে নতুন ভেৰিয়েণ্ট য়িপ্পী! ৱাও মচলা নুডলছ। এই ব্ৰেণ্ডটোৰ লক্ষ্য হৈছে উচ্চ মানদণ্ডৰ মচলাৰে ভৰপুৰ ইনষ্টেণ্ট নুডলছ বিচৰা গ্ৰাহকসকলক প্ৰতি পেকত ১০ টকা (৫০ গ্ৰাম) সুবিধাজনক মূল্যত যোগান ধৰি সেৱা আগবঢ়োৱা।
এই অফাৰে সুস্বাদু আৰু মচালাদাৰ হোৱাৰ প্ৰতিশ্ৰুতি দিছে, য’ত এক পৃথক আৰু সুস্বাদু সোৱাদ প্ৰদান কৰাত গুৰুত্ব দিয়া হৈছে। আইটিচি ফুডছৰ স্নেক্স, নুডলছ আৰু পাস্তাৰ ভিপি তথা মাৰ্কেটিঙৰ মুৰব্বী সুৰেশ চান্দে আত্মবিশ্বাস ব্যক্ত কৰে যে, নতুন মাচালেডাৰ নুডলছক গ্ৰাহকসকলে প্ৰশংসা কৰাৰ লগতে উপভোগ কৰিব।
এই ব্ৰেণ্ড অসম, মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পশ্চিম বংগ, ৰাজস্থান, কৰ্ণাটক, গুজৰাট, মধ্যপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু ছত্তীশগড়কে ধৰি সমগ্ৰ ভাৰতৰ একাধিক বজাৰত উপলব্ধ। অচিৰে এই সামগ্ৰী ই-কমাৰ্চ আৰু কুইক-কমাৰ্চ প্লেটফৰ্মত উপলব্ধ হ’ব।