চাঞ্চল্যকৰ! নিজৰ চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা জ্যেষ্ঠ IPS বিষয়াৰ

নিজৰ চাৰ্ভিছ পিষ্টলেৰে গুলিয়াই আত্মহত্যা তামিলনাডুৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ।

জ্যেষ্ঠ আইপিএছ বিষয়া ডিআইজি বিজয় কুমাৰে শুকুৰবাৰে নিজৰ চৰকাৰী আবাসত আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। বিষয়াগৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়াও স্পষ্ট নহয়।

উল্লেখ্য যে বিজয় কুমাৰ কাঞ্চীপুৰম, কুড্ডালোৰ, নাগাপট্টিনম আৰু তিৰুভাৰুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০২৩ চনত বিজয় কুমাৰে কোয়েম্বাটুৰ ৰেঞ্জৰ নতুন উপ আৰক্ষী মহাপৰিদৰ্শক (ডিআইজি) হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

ইয়াৰ আগতে তেওঁৰ অন্তিমটো পোষ্টিং চেন্নাইত আছিল, য’ত তেওঁ আৰক্ষী উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *