চাঞ্চল্যকৰ! চিলনী চোৰৰ পৰা নিজৰ মোবাইল ফোন ৰক্ষা কৰিবলৈ গৈ অটোৰ পৰি গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী

চিলনী চোৰৰ পৰা নিজৰ মোবাইল ফোন ৰক্ষা কৰিবলৈ চেষ্টা কৰি গুৰুতৰভাৱে আহত হয় এগৰাকী স্কুল শিক্ষয়িত্ৰী। ৰাজধানী দিল্লীত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

চিলনী চোৰৰ পৰা আইফোনটো ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ সময়ত অটো ৰিক্সাৰ পৰা বাগৰি পৰি আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী।

বিয়লি প্ৰায় ৩.১৫ বজাত স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে দুজন বাইক আৰোহী চোৰে দক্ষিণ দিল্লীৰ নেব চৰাইৰ নিৱাসী তথা সাকেটৰ জ্ঞান ভাৰতী বিদ্যালয়ৰ শিক্ষয়িত্ৰী যৱিকা চৌধুৰীৰ মোবাইল ফোনটো কাঢ়ি নিয়াৰ চেষ্টা চলায়। খবৰ অনুসৰি, দুপৰীয়া বিদ্যালয় সমাপ্ত কৰি ঘৰলৈ উভতি অহাৰ সময়তে সংঘটিত হয় এই ঘটনা। শুকুৰবাৰে (১১ আগষ্ট) সাকেটত সংঘটিত হয় এই ঘটনা।

বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীয়ে আৰক্ষীক দিয়া এজাহাৰত কয় যে তেওঁ সাকেটৰ পিভিআৰ চিনেমাৰ বাহিৰৰ পৰা এখন অটোৰিক্সা লৈছিল, যেতিয়া অটোখনে অঞ্চলটোৰ ভিৰ কৰা খোখা মাৰ্কেটৰ মাজেৰে পাৰ হৈ গৈ আছিল, পিছফালৰ পৰা হোণ্ডা স্প্লেণ্ডাৰ বাইকত অহা দুজন লোক আহিছিল .অটোৰিক্সাখন লৈ তেওঁৰ ফোনটো কাঢ়ি নিবলৈ চেষ্টা কৰিলে। খবৰ অনুসৰি চৌধুৰীৰ হাতত এটা আইফোন ১৩ মোবাইল ফোন আছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *