চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰতিশোধ! বাসগৃহতে মহিলা বিষয়াক নৃশংসভাৱে হত্যা গাড়ী চালকৰ…

কৰ্ণাটকৰ খনি আৰু ভূতত্ত্ব বিভাগৰ উপ-সঞ্চালক প্ৰতিমা কে এছৰ হত্যাকাণ্ডই ৰাজ্যখনত সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ। এই হত্যাকাণ্ডৰ তদন্ত চলাই সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন সন্দেহযুক্ত গাড়ী চালকক। যুৱকজনে চৰকাৰী কাৰ্যালয়ৰ গাড়ী চলাই আহিছিল। দহ দিন পূৰ্বে উপ-সঞ্চালক প্ৰতিমাৰ নিৰ্দেশত ঠিকাভিত্তিক চালকজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। এক সূত্ৰৰ মতে, বৰ্খাস্ত হোৱাৰ প্ৰতিশোধ হিচাপে প্ৰতিমাক হত্যা কৰা বুলি অভিযুক্তই স্বীকাৰ কৰে।

৪৫ বছৰীয়া প্ৰতিমা আৰু তেওঁৰ পৰিয়ালে বিগত আঠ বছৰ ধৰি বেংগালুৰুৰ সুব্ৰমনাপোৰা অঞ্চলৰ এটা ঘৰত বাস কৰি আহিছে। খনি আৰু ভূতত্ত্ব বিভাগৰ উপ-সঞ্চালকৰ স্বামী-পুত্ৰ শনিবাৰে ঘৰত নাছিল। শিৱমোগা জিলাৰ তীৰ্থহল্লীলৈ গৈছিল। চৰকাৰী কাৰ্যালয়ৰ বৰ্তমানৰ চালকজনে শনিবাৰে সন্ধিয়া কামৰ অন্তত প্ৰতিমাক ঘৰলৈ পঠিয়াই দিয়ে। সেই নিশাই তেওঁক হত্যা কৰা হৈছিল।

দেওবাৰে পুৱা ঘৰলৈ আহিছিল প্ৰতিমাৰৰ ভাতৃ। প্ৰথমে তেওঁ দেখে যে ভগ্নীৰ ৰক্তাক্ত শৰীৰটো মজিয়াত পৰি আছে। আৰক্ষীৰ তথ্য অনুসৰি সন্ধিয়া ৬ বজালৈ প্ৰতিমা কাৰ্যালয়ত আছিল। ইয়াৰ পিছত গাড়ীৰে ঘৰ পাইছিল। আৰক্ষী বিষয়াৰ মতে, শনিবাৰে নিশা ৮ বজাৰ পৰা দেওবাৰে পুৱা ৮ বজাৰ ভিতৰত প্ৰতিমাক হত্যা কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ তথ্য অনুসৰি খনি আৰু ভূতত্ত্ব বিভাগৰ উপ-সঞ্চালকগৰাকীৰ ডিঙি কাটি হত্যা কৰা হয়। অভিযুক্ত গাড়ী চালকজনৰ নাম কিৰণ। যোৱা পাঁচ বছৰে চৰকাৰী কাৰ্যালয়ত চালক হিচাপে কাম কৰি আছিল। দহ দিন পূৰ্বে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। সূত্ৰ অনুসৰি ইয়াৰ বাবেই অভিযুক্তই প্ৰতিমাক হত্যা কৰে।

মৃত উপ-সঞ্চালকৰ সহকৰ্মীসকলে জনোৱা মতে, প্ৰতিমা বিভাগটোৰ এগৰাকী সাহসী বিষয়া হিচাপে পৰিচিত আছিল। খনি আৰু ভূতত্ত্ব বিভাগে তেওঁৰ নেতৃত্বত বিভিন্ন সময়ত কেইবাটাও অভিযান চলাইছিল। কামৰ বাবে তেওঁৰ যথেষ্ট সুনাম আছিল। শেহতীয়াকৈ প্ৰতিমাইও কেইবাটাও অভিযান চলাইছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *