ঘৰত মমবাতি জ্বলাই যন্তৰ মন্তৰৰ মল্লযুঁজাৰুৰ প্ৰতিবাদক সমৰ্থন জনোৱাৰ আহ্বান বজৰংগ পুনিয়াৰ…

ডব্লিউ এফ আইৰ মুৰব্বী ব্রিজ ভূষণ সিঙে কৰা কথিত যৌন নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলে আজি যন্তৰ মন্তৰৰ পৰা ইণ্ডিয়া গেটলৈ মমবাতি জ্বলাই যাত্ৰা কৰিব।

মল্লযুঁজাৰু বজৰং পুনিয়াই এটা ক্লিপ শ্বেয়াৰ কৰি মমবাতিৰ সমদলত অংশ ল’ব নোৱাৰাসকলক সন্ধিয়া ৫ বজাত ঘৰত চাৰিডাল মমবাতি জ্বলাই ছ’চিয়েল মিডিয়াত ভিডিঅ’ শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, ব্ৰিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যন্তৰ মন্তৰত মল্লযুঁজাৰুৰ প্ৰতিবাদে ইতিমধ্যে এমাহ অতিক্ৰম কৰিছে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অভিযুক্ত বিজেপি সাংসদগৰাকীৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে যদিও আজিও গ্ৰেপ্তাৰ কৰা হোৱা নাই।

যাৰ বাবে ব্ৰিজ ভূষণৰ গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে মল্লযুঁজাৰুসকলে।

আনহাতে কৃষক সংগঠনকে ধৰি বিভিন্ন দল-সংগঠনে ইতিমধ্যে এই প্ৰতিবাদলৈ সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *