দিনটোৰ ভিতৰতে গ্ৰেপ্তাৰ তৃতীয়জন ঘোচখোৰ চৰকাৰী কৰ্মচাৰী।
এইবাৰ গোৱালপাৰাত চলিত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ এগৰাকী প্ৰাথমিক শিক্ষা বিষয়া।
ব্যক্তিগত বেংক লোনৰ বাবে নথিপত্ৰত স্বাক্ষৰ কৰাৰ বাবদ ধন লৈ গ্ৰেপ্তাৰ প্ৰাথমিক শিক্ষা বিষয়া বজৰুল বসিত সৰকাৰ।
গোৱালপাৰাৰ মাটিয়া ব্লকৰ ব্লক প্ৰাথমিক শিক্ষা বিষয়া আছিল এইজন ঘোচখোৰ বজৰুল বসিত চৰকাৰ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে শুকুৰবাৰৰ দিনটোত কলিয়াবৰত এজন ঘোচখোৰ লাটমণ্ডল আৰু খানাপাৰাৰ সমবায় ভৱনত ঘোচখোৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়কক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল দুৰ্নীতি নিবাৰক শাখাই।