গৰৈমাৰীত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দুটা বাসগৃহ, ৫ লক্ষাধিক টকাৰ ক্ষতিসাধন

কামৰূপ জিলাৰ অন্তৰ্গত গৰৈমাৰীত শনিবাৰে পুৱা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।

জানিব পৰা মতে, চৰকাৰী সৌৰ শক্তি কেন্দ্ৰত বেটাৰী বিস্ফোৰণৰ ফলত দুটা ঘৰ সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়।

এই ঘটনাত ঘৰৰ ভিতৰত থকা সকলো সামগ্ৰী, গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু নগদ ধন ধ্বংস হয়।

ক্ষতিৰ পৰিমাণ ৫ লক্ষাধিক টকা বুলি অনুমান কৰা হৈছে।

অৱশ্যে স্থানীয় ৰাইজৰ চেষ্টাৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ পূৰ্বে জুই নিৰ্বাপিত হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *