গ্ৰন্থ উন্মোচনী সভা ডঃ ৰঞ্জিত কুমাৰ হাজৰিকা

যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ ৰঞ্জিত কুমাৰ হাজৰিকাৰ আত্মজীৱনীমূলক গ্ৰন্থ “নেদেখা ফাগুনৰ সীপাৰে” যোৱা ইং ১৪ মে ২০২৩ তাৰিখে শুভ উন্মোচন হৈ যায়। অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচীব পংকজ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত
“ধৰ্ম আৰু সংস্কৃতিৰ পটভূমিত সমাজ” শীৰ্ষক প্ৰয়াত ভূৰাম হাজৰিকা স্মাৰক বক্তৃতা প্রদান কৰে যোৰহাট দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা ড° দীপাৰাণী গোস্বামীয়ে। যোৰহাট দেৱীচৰন বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ অঞ্জলী চুতীয়াই এটি বৰগীতেৰে সভাখনি শুভাৰম্ভ কৰে । উক্ত অনুষ্ঠানত গ্ৰন্থপ্ৰনেতা যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বৰ্তমান অসম সত্ৰমহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জিত কুমাৰ হাজৰিকাক যোৰহাট ৰজাবাৰী শাখা সাহিত্য সভাৰ হৈ সভাপতি পংকজ শইকীয়া,সম্পাদক জিতুল বৰা ,সহকাৰী সম্পাদক বিকাশ শইকীয়াই এখন সঁফুৰা,চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায়। ডঃ ৰঞ্জিত কুমাৰ হাজৰিকাৰ আত্মজীৱনীমূলক উপন্যাসিকা ” নেদেখা ফাগুনৰ সিপাৰে” নামৰ গ্ৰন্থখনি উন্মোচন কৰে উত্তৰ-পূৱ বিজ্ঞান তথা প্রায়োগিক সংস্থাৰ প্ৰাক্তন বিজ্ঞানী ড° পৰাণ বৰুৱাই । উন্মোচনী ভাষণত ডঃ পৰাণ বৰুৱাই কয় যে, ডঃ ৰঞ্জিত কুমাৰ হাজৰিকাৰ “নেদেখা নদীৰ সীপাৰে” বাস্তবিকতে সময়ৰ দলিল। গ্ৰন্থখনিৰ জৰিয়তে ডঃ হাজৰিকাই তেখেতৰ ব্যক্তিগত জীৱনৰ ঘটনা-পৰিঘটনা সাৱলীলভাবে প্ৰকাশ পাইছে আৰু সেই সময়ৰ সমাজ জীৱনৰ বহু কথা উমান পাব পাৰি আৰু ভবিষ্যতে গ্ৰন্থখন গবেষণাৰ বাবেও সহায়ক হ’ব বুলি আশা কৰিব পাৰি।ড° হাজৰিকাৰ উক্ত গ্ৰন্থখন বাস্তবিকতে এখন সম দলিল। গ্রন্থখনিৰ জৰিয়তে ড° হাজৰিকাই তেখেতৰ ব্যক্তিগত জীৱনৰ ঘাত-প্রতিঘাত, দুখ-দুর্দশা আৰু বিভিন্ন সমস্যাৰে ভৰা জীৱনৰ পৰিবেশটো বন্দী কৰি থোৱাৰ স্বাৰ্থত তেখেতৰ জীৱনত ঘটি যোৱা ঘটনাবোৰ, সমাজখন আৰু ইটো-সিটো বহুবোৰ কথাই স্পষ্ট ৰূপত গ্রন্থ আকাৰে প্ৰকাশ কৰাৰ চেষ্টা কৰিছে। কিয়নো ব্যক্তিগত জীৱনৰ লগতে সমাজ জীৱনৰ ঘটনা-পৰিঘটনাই সচেতন মানুহৰ মনত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে তাৰ ফলত মানুহৰ মনত বিভিন্ন চিন্তাৰ উদ্ৰেক হয় আৰু এই চিন্তাবোৰেই লিখিত ৰূপত যি বহিঃপ্রকাশ ঘটে সিয়েই সাহিত্যৰ সৃষ্টি কৰে। অধ্যাপক ড° ৰঞ্জিত কুমাৰ হাজৰিকাৰ নেদেখা ফাল্গুনৰ সিপাৰে’ গ্ৰন্থখনিতো ব্যক্তি-জীৱন তথা সমাজ- জীৱনৰ ঘটনা-পৰিঘটনাই তেখেতৰ মনত সৃষ্টি কৰা প্ৰতিক্ৰিয়াসমূহকে সহজ-সৰল আৰু সাৱলীল ভাব-ভাষাৰে প্ৰকাশ কৰিছে। কিয়নো গ্রন্থ হৈছে জ্ঞানক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰসাৰিত কৰা অনন্য মাধ্যম।
দিনৰ ১-৩০ বজাত যোৰহাট শাস্ত্ৰীপীঠস্থীত ডঃ হাজৰিকাৰ নিজা বাসগৃহত অনুষ্ঠিত সভাখনত আমন্ত্ৰিত ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ অৰুণ শৰ্মা, যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ দঃ দেৱব্ৰত শৰ্মাকে মুখ্য কৰি বহু গন্য মান্য ব্যক্তি।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *