গৌৰীপুৰত STFৰ অভিযানত ১.৮ কেজি হেৰ’ইন জব্দ, দুজনক আটক

অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে সোমবাৰে কামৰূপ জিলাৰ অন্তৰ্গত গৌৰীপুৰত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ১.৮ কেজি নিষিদ্ধ হেৰ’ইন।

গোপন খবৰৰ ভিত্তিত অভিযান চলাই অভিযানকাৰী দলটোৱে এ এছ ২৫ ই চি ৪৪৬৪ নম্বৰৰ এখন টাটা ডি আই বাহনৰ পৰা জব্দ কৰে হেৰ’ইনখিনি।

প্ৰাথমিক খবৰ অনুসৰি শৰাইঘাটত আৰক্ষীয়ে জব্দ কৰে বাহনখন। কিন্তু চেকপইণ্টত ৰৈ থকা আৰক্ষীৰ তথ্য পোৱাৰ পিছত বেপাৰীসকলে বাহনখন লৈ চাংসাৰীৰ ফালে পলায়ন কৰে।

পলায়ন কৰা বেপাৰীসকলক কৰায়ত্ত কৰিবলৈ এছটিএফৰ দলটোৱে ২ জাঁই গুলীচালনা কৰে আৰু তাৰ পিছত গাড়ীখন ৰখাই দিয়া হয়। ইয়াৰ পিছতে গাড়ীখনত তালাচী চলোৱাৰ পিছত বেপাৰীয়ে ইংগিত দিয়াৰ দৰে গাড়ীখনৰ এটা লুকাই থকা চেম্বাৰ কাটি পেলোৱা হয় য’ত ১.৮ কেজি হেৰ’ইন ধৰা পৰে। জব্দ কৰা হৈছে সমগ্ৰ নিষিদ্ধ সামগ্ৰী।

বেপাৰী দুজন গৰিগাঁৱৰ সোণু আলী আৰু জালুকবাৰীৰ অৰ্জুন বাছফোৰ বুলি জানিব পৰা গৈছে। বেপাৰী দুজনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *