গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা অপহৰণ কৰা ডিমাপুৰৰ দুই ব্যৱসায়ীক উদ্ধাৰ আৰক্ষীৰ…

অসম আৰক্ষীয়ে সোমবাৰে গুৱাহাটীৰ হাউচফেড পথত এক বৃহৎ অভিযানৰ সময়ত গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা অপহৰণ কৰা ডিমাপুৰৰ দুজন ব্যৱসায়ীক উদ্ধাৰ কৰে।

কানহাইয়া সিং আৰু উত্তম জয়ছৱাল নামৰ ব্যৱসায়ী দুজনক যোৱা ১৪ এপ্ৰিলত গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা অপহৰণ কৰিছিল অভিযুক্ত ড্ৰাগছ মাফিয়া ফাৰুক আহমেদে।

খবৰ অনুসৰি অপহৰণকাৰীয়ে মুক্তিৰ বাবে ১০ লাখ টকা মুক্তিপণ দাবী কৰে। সম্প্ৰতি ফাৰুক আহমেদ পলাতক হৈ আছে আৰু আৰক্ষীয়ে তেওঁৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে।

ইফালে, এই গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে ফাৰুকৰ পত্নীক সোধা-পোছাৰ বাবে আটক কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *