গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা

অহা ২ জুলাইৰ পৰা ২১ জুলাইলৈ গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত  আৰু বিষ্ণু নিৰ্মলা ন্যাসৰ সহযোগত উজান বজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত হ’ব এখনি  গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা৷আজি দিনৰ ১বজাত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ বিষয়ববীয়া সকলে৷ এই  ২০ দিনীয়া কৰ্মশালাৰ মূল বিষয় হ’ব “ দেশৰ লগতে  অসমৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ সকলৰ ত্যাগ,ভূমিকা আৰু অৱদান”৷কৰ্মশালাখনৰ পৰিচালক হিচাপে থাকিব নাট্যকাৰ-পৰিচালক -অভিনেতা মাণিক ৰয়৷কৰ্মশালাৰ পাঠদানৰ সময়সূচী পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১বজালৈ৷

ইচ্ছুক শিকাৰুসকলে প্ৰ-পত্ৰৰ বাবে ৯৮৬৪০  ৪৭৩৬৩/৭০০২৬ ০৫৭৯২ নম্বৰত ফোন কৰি অথবা বিষ্ণু নিৰ্মলা ভৱন (দ্বিতীয় মহলা)লতাশিল,উজানবজাৰ আৰু মাইম একাডেমী ,চতুৰ্থ মহলা,হেদায়েৎপুৰ(বাণী মন্দিৰৰ বিপৰীতে)ত যোগাযোগ কৰিব পাৰিব৷ এই কৰ্মশালাত  অংশ গ্ৰহণ কৰিবলৈ www.gsnv.org.in  যোগেও  প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰে৷

এই কৰ্মশালাত অংশগ্ৰহণ কৰা  প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণপত্ৰ দিয়াৰ লগতে  কৰ্মশালাৰ অন্তত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে ” শিশু নাট্য মেলা আয়োজন কৰা হ’ব বুলি গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ  পৰিচালক  মানিক ৰয়,সভাপতি হৃষীকেশ গোস্বামীৰ লগতে গুৱাহাটী শিশুনাট্য বিদ্যালয়ৰ বৰ্তমানৰ সাধাৰণ সম্পাদক  উত্তম কুমাৰ ডেকা,উপ সভাপতি শোভেশ্বৰ দাস, ,প্ৰচাৰ সম্পাদক মৃন্ময় ভূঞা, উপদেষ্টা বন্দিতা ফুকনে সংবাদমাধ্যমক জানিবলৈ দিয়ে৷

উল্লেখযোগ্য যে গুৱাহাটী শিশু নাট্য বিদ্যালয়ে ক’ভিড মহামাৰীৰ যোৱা দুটা বৰ্ষৰ বাহিৰে ১৯৯৮ চনৰে পৰা একেৰাহে শিশুসকলৰ বাবে কৰ্মশালা,নাটৰ নিয়মীয়া পাঠদান,নাট প্ৰযোজনা,ৰাষ্ট্ৰীয় শিশু নাট সমাৰোহ আৰু দেশৰ বিভিন্ন প্ৰান্তত হোৱা সমাৰোহত নাটক মঞ্চস্থ কৰি আহিছে৷ক’ভিডকালীন সময়ছোৱাতো ২০২১-২০২২ এই দুই বৰ্ষতো গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ তৰফৰ পৰা অনলাইনযোগে পাঠদান আৰু প্ৰশিক্ষণ অব্যাহত ৰখা হৈছিল৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *