শুকুৰবাৰে পুৱা গুৱাহাটীৰ ভেটাপাৰা অঞ্চলত ৰহস্যজনক পৰিস্থিতিত এজন যুৱকক মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল কন্দৰ্প ওঝা নামৰ যুৱকজন।
কন্দৰ্প ওঝাৰ মৃতদেহ ডিঙি কটা অৱস্থাত নিজ বাসগৃহৰ কোঠাত উদ্ধাৰ হয়।
পিতৃয়ে দাবী কৰিছে যে পুত্ৰই দা-ৰে ডিঙি কাটি আত্মহত্যা কৰিছে। লগতে মৃত লোকজন মদ্যপায়ী বুলিও অভিযোগ উত্থাপন কৰে।
ঘটনাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
তেওঁৰ মৃত্যুৰ আঁৰৰ সঠিক কাৰণ জানিবলৈ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰা হৈছে বুলিও তেওঁলোকে জনায়।