গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকজয়ীক চাকৰি প্ৰদান

গুজৰাটত চলিত মাহৰ শেষৰ পৰা আৰম্ভ হ’বলগীয়া ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকজয়ী খেলুৱৈসকলক শিক্ষাগত অৰ্হতাৰ ভিত্তিত তাৎক্ষণিকভাৱে চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাই ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ উছাহৰ ঢল আনিছে। মুখ্যমন্ত্ৰীজনৰৰ এই মহানুভৱতা আৰু অসমৰ ক্ৰীড়াজগতখনক আগুৱাই নিব পৰা এই ঐতিহাসিক সিদ্ধান্তৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনাইছে অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে। উল্লেখ্য, উত্তৰ-পূবৰ প্ৰথমগৰাকী অৰ্জুন বঁটাজয়ী ব্যক্তি ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অসম চৰকাৰে বিগত বৰ্ষৰ পৰা ক্ৰীড়া পেঞ্চন দিৱস হিচাপে পালন কৰিছে। শণিবাৰে এই অনুষ্ঠানতে অসমৰ মুখ্যমন্ত্ৰীজনে গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈসকলক শিক্ষাগত অৰ্হতাৰ ভিত্তিত চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব বুলি কয়। মুখ্যমন্ত্ৰীজনৰ এই সিদ্ধান্তত আনন্দ প্ৰকাশ কৰি অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোনোৱালে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এয়া আশাপ্ৰদ খবৰ বুলি উল্লেখ কৰিছে। আনহাতে, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে চৰকাৰৰ এই সিদ্ধান্তক কৃতজ্ঞতা জনায় কয় যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়ণৰ বাবে সদায় নতুন চিন্তা কৰি আহিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ ক্ৰীড়াজগতখন আৰু অধিক উজ্জল হৈ পৰিব বুলিও লগতে কয় কোৱঁৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *