আফগানিস্তানত আত্মঘাতী বোমা বিস্ফোৰণত নিহত তালিবানী উপ-ৰাজ্যপাল নিছাৰ আহমদ আহমদী।
মঙলবাৰে ফৈজাবাদত গাড়ী বিস্ফোৰণত নিহত হয় তালিবানী উপ-ৰাজ্যপাল তথা বদাখছান প্ৰদেশৰ ভাৰপ্ৰাপ্ত বিষয়া নিছাৰ আহমদ আহমদীৰ।
এই ভয়ংকৰ বিস্ফোৰণত নিহত হয় আহমদীৰ বাহন চালকো।
ইফালে গাড়ী বিস্ফোৰণত আন ৬ জন সাধাৰণ নাগৰিক আহত বুলি জানিব পৰা গৈছে।
অৱশ্যে এতিয়ালৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।