সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুকুৰবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাসগৃহৰ সমীপত এখন গাড়ীত অস্ত্ৰ-শস্ত্ৰ আৰু আৰক্ষীৰ ষ্টীকাৰ লৈ এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰাপত্তা ভংগ কৰিবলৈ চেষ্টা কৰাৰ পিছতে নিৰাপত্তা সতৰ্কবাণী জাৰি কৰা হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যক্তিজনক।
“কলকাতা আৰক্ষীয়ে লেনত প্ৰৱেশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাসগৃহৰ সমীপত শ্বেখ নূৰ আলম নামৰ এজন ব্যক্তিক আটক কৰিছে। তেওঁৰ ওচৰৰ পৰা এটা আগ্নেয়াস্ত্ৰ, এখন চুৰী আৰু নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰাৰ উপৰিও বিভিন্ন এজেন্সীৰ কেইবাখনো আইডি কাৰ্ড উদ্ধাৰ কৰা হৈছে।” কলকাতা আৰক্ষীৰ আয়ুক্ত বিনীত গোৱালে সংবাদ সংস্থা এএনআইক এইদৰে কয়।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তা ভংগ কৰাৰ অভিযোগ উত্থাপন কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।