গান্ধীনগৰত জি-২০ অধ্যক্ষতাত অনুষ্ঠিত যুটীয়া স্বাস্থ্য বিত্ত মন্ত্ৰীৰ বৈঠকৰ সামৰণি

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত ১৯ আগষ্ট শনিবাৰে হাইব্ৰিড মোডত গুজৰাটৰ ৰাজধানী চহৰ গান্ধীনগৰত যুটীয়া স্বাস্থ্য-বিত্ত মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। স্বাস্থ্য আৰু বিত্ত মন্ত্ৰীৰ সহ-অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডৱিয়াই প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰছ ঘেব্ৰেইছাছে বিশ্বজুৰি স্বাস্থ্য আৰু মহামাৰীৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে পৰিঘটনাৰ সবিশেষ প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বে জি-২০ স্বাস্থ্য কৰ্মগোট আৰু মন্ত্ৰীসভাৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল যে ক’ভিড-১৯ মহামাৰীয়ে আমাক সোঁৱৰাই দিছে যে এতিয়া আমাৰ সিদ্ধান্তৰ কেন্দ্ৰবিন্দু হ’ব লাগিব স্বাস্থ্য। তেওঁ আৰু কৈছিল যে “সময়ে আমাক আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ বিষয়ে বুজিবলৈ বাধ্য কৰাইছে, সেয়া লাগিলে ঔষধ আৰু ভেকচিন বিতৰণেই হওক বা নিজৰ মানুহবোৰক ঘৰলৈ ঘূৰাই অনাই হওঁক।”

বিত্ত আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত সহযোগিতাৰ জৰিয়তে জি-২০ দেশসমূহে মহামাৰী প্ৰতিৰোধ, প্ৰস্তুতি আৰু সঁহাৰিৰ বাবে সমগ্ৰ পৃথিৱীৰ বাবে স্বাস্থ্য পৰিকাঠামো শক্তিশালী কৰিবলৈ সন্মত হৈছে। তেওঁলোকৰ লক্ষ্য হৈছে সুৰক্ষিত, কাৰ্যকৰী, মানসম্পন্ন আৰু সুলভ ভেকচিন, চিকিৎসা আৰু চিকিৎসা হস্তক্ষেপৰ বিশ্বব্যাপী প্ৰৱেশ নিশ্চিত কৰা। তেওঁলোকে নিম্ন আৰু মধ্য উপাৰ্জনক্ষম দেশসমূহ আৰু উন্নয়নশীল ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰসমূহৰ বাবে সমান সুবিধাৰ সৈতে এক নমনীয়, সমতাপূৰ্ণ পৰিকাঠামোৰ আহ্বান জনাইছে। এক বহনক্ষম, সৰ্বাংগীন স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ বাবে এক সহমতত উপনীত হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *