গহপুৰত পথাৰৰ মাজত উদ্ধাৰ কণমানিৰ মৃতদেহ, সন্ধানহীন পিতৃ

এক অতি শোকাৱহ ঘটনা।

জন্মদিনৰ দিনটোতে উদ্ধাৰ পিতৃৰ সৈতে বজাৰলৈ যোৱা এবছৰীয়া কণমানিৰ মৃতদেহ।

গহপুৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

গহপুৰৰ কোকিলা পথাৰত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ।

পথাৰখনত পুৱাই গৰু দিবলৈ আহি গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ।

মৃত শিশুটি সোঙালীবড়ি গাঁৱৰ শচীন বৰদলৈৰ পুত্ৰ বুলি চিনাক্ত হৈছে।

জানিব পৰা মতে, শিশুটিৰ আজি এবছৰীয়া জন্মদিন আছিল।

এবছৰীয়া জন্মদিন উপলক্ষে কালি সন্ধিয়া ৬ বজাত ঘৰৰ পৰা শিশুটি দেউতাকৰ লগত ওলাই গৈছিল বজাৰ কৰিবলৈ।

উক্ত সময়ৰ পৰা পিতা-পুত্ৰ সন্ধানহীন হৈ আছিল।

কিন্তু ৯ মাৰ্চৰ পুৱা ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হয় শিশুটিৰ।

শিশু পৰাগজ্যোতি বৰদলৈৰ পিতৃ শচীন বৰদলৈ সম্প্ৰতি সন্ধানহীন হৈ আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *