খানামুখত বহাগী উৎসৱ উদযাপনৰ আয়োজন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখত ১৯৮২  চনত স্থাপিত  খানামুখ ৰঙালী বিহু বিদায়  ৰঙালী বিহু সন্মিলনীয়ে এইবেলি ৪০ সংখ্যক বর্ষ  সম্পূৰ্ণ কৰিছে ।  আনহাতে কভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে দুটা বছৰৰ বিৰতিৰ অন্তত অহা ১৪ মে’ত এদিনীয়া  কাৰ্যসূচীৰে  খানামুখ খেলপথাৰত সন্মিলনীৰ  উদ্যোগত বহাগী উৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱা  হৈছে ।  উৎসৱৰ লগত সংগতি ৰাখি সিদিনা বিয়লি ৩ বজাৰ পৰা বহাগী উৎসৱৰ সাংস্কৃতিক মঞ্চত নৃত্য প্রতিযোগিতা অনুষ্ঠিত হব । প্ৰতিযোগিতাৰ প্ৰথম বিজয়ীক নগদ ৩ হাজাৰ এটকাসহ কুসুম কলিতা সোঁৱৰণী বঁটা ( দাতা : উৎপল কলিতা ) , দ্বিতীয় বিজয়ীক নগদ ২ হাজাৰ টকাসহ কমল বৈশ্য সোঁৱৰণী বঁটা ( দাতা : কনক চন্দ্ৰ বৈশ্য ) আৰু তৃতীয় বিজয়ীক নগদ ১,৫০০ টকাসহ মহেন্দ্ৰ বৰুৱা আৰু সাবিত্ৰী বৰুৱা সোঁৱৰণী বঁটা ( দাতা : হীৰেণ বৰুৱা ) প্ৰদান কৰা হব ।  সন্ধিয়াৰ পৰা অনুষ্ঠিত হবলগীয়া  বহাগী উৎসৱৰ  অনুষ্ঠানত  বিশিষ্ট কণ্ঠশিল্পী  ৰোহিত সোনাৰ , ৰিংকু মজুমদাৰ , অনুস্মিতা দাসকে  ধৰি কেবাজনো জনপ্ৰিয় ন – পুৰণি  শিল্পীয়ে সংগীত , জনগোষ্ঠীয় শিল্পীৰ দলে নৃত্য প্ৰদৰ্শন কৰিব । আনহাতে  বহাগী  উৎসৱৰ কাৰ্যসূচী সুচাৰুৰূপে  পালন  কৰিবলৈ  অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন্দ্ৰ নাথ ঠাকুৰীয়াক সভাপতি , তপনজ্যোতি  ঠাকুৰীয়াক কাৰ্যকৰী সভাপতি ,  হিতেশ কলিতা আৰু হেমেন কলিতাক  সাধাৰণ সম্পাদক , সীমান্ত কলিতা , অসীম দাস , ৰিংকু কলিতা আৰু সীমান্ত কলিতাক  সম্পাদক , ৰুবুল বৈশ্য আৰু পংকজ কলিতাক সাংস্কৃতিক সম্পাদক ,  সাংবাদিক জয়ন্ত কলিতাক মুখ্য প্ৰচাৰ সম্পাদক হিচাপে লৈ খানামুখ ৰঙালী বিহু বিদায়  সন্মিলনীৰ  ৩১ জনীয়া কাৰ্যকৰী কমিটিখন  গঠন কৰা হৈছে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *