কৰ্তব্যৰ পৰা ঘৰলৈ ওভতাৰ পথতে অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু অসম আৰক্ষীৰ জোৱানৰ…

কাছাৰ জিলাৰ অন্তৰ্গত শিলচৰত বুধবাৰে নিশা সংঘটিত হোৱা হিট এণ্ড ৰান দুৰ্ঘটনাত এজন অসম আৰক্ষীৰ জোৱানৰ কৰুণ মৃত্যু হয়।

নিহত কাৰ্তিক নাথ (২৮) অসম আৰক্ষী টাস্ক ফ’ৰ্চৰ জোৱান আছিল। তেওঁক অসম-মিজোৰাম সীমান্তৰ BoP ৰ কাষত পোষ্ট কৰা হৈছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, দুৰ্ভাগ্যজনক নিশা দাস নিজৰ শিবিৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত তীব্ৰবেগী অট’ৰিক্সা এখনে খুন্দা মৰাৰ ফলত দাস গুৰুতৰভাৱে আহত হয়।

ততাতৈয়াকৈ তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ আঘাতত মৃত্যু হয়।

অটোৰিক্সাখন অৱশ্যে ধৰা পৰাৰ পূৰ্বেই সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

ইফালে, দুৰ্ঘটনাটোত জড়িত অটোৰিক্সাখনৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে অভিযান চলাইছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *