ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ উদ্যোগত অনলাইন ক্ৰীড়া জ্ঞান পৰীক্ষাৰ দ্বিতীয় ভাগৰ ফলাফল ঘোষণা

 আজি SPORTS AUTHORITY OF INDIA ৰ পল্টনবজাৰস্থিত কাৰ্যালয় সভাকক্ষত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ঘোষণা কৰা হয় অনলাইন ক্ৰীড়া জ্ঞান পৰীক্ষাৰ দ্বিতীয় ভাগৰ ফলাফল। উক্ত অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া ভাৰতীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাজ চৌধুৰী, যুটীয়া সঞ্চালক সৰ্বোদ্বয় থাকৰে, কাৰ্যবাহী সঞ্চালক সতীশ শৰহদ, ক্ষেত্ৰ সংযোজক নিৰ্মলেন্দু দে, ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক মধুময় নাথ আৰু ক্ৰীড়া ভাৰতী অসমৰ উপসভাপতি প্ৰশান্ত শইকীয়া।

১লাখ ১০ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অনলাইন ৰেজিষ্ট্ৰেছন কৰিছিল যদিও, পৰীক্ষাত অৱতীৰ্ণ হয় ৮৫ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে।

ইয়াৰে প্ৰথম উত্তৰ বিহাৰৰ অলোক কুমাৰে ২৯ মিনিট ৪৪ ছেকেণ্ডত পৰীক্ষা সমাপ্ত কৰি সৰ্বমুঠ লাভ কৰে ৪৯ নম্বৰ, দ্বিতীয় উত্তৰ তামিলনাডুৰ প্ৰগথি শ্ৰী ভিয়ে ২২ মিনিট ৫৯ ছেকেণ্ডত পৰীক্ষা সমাপ্ত কৰি লাভ কৰে ৪৮ নম্বৰ , তৃতীয় কোকান প্ৰান্তৰ দিপেশ বালু দালভিয়ে ২৪ মিনিট ৫০ ছেকেণ্ডত ৪৮ নম্বৰ লাভ কৰে , চতুৰ্থ পশ্চিম মহাৰাষ্ট্ৰৰ শ্ৰীকান্ত এম পদধ্যাত্ৰে ২৫ মিনিট ৪৯ ছেকেণ্ডত ৪৭ নম্বৰ লাভ কৰে, পঞ্চম ব্ৰাজ প্ৰান্তৰ হৰেশ সিঙে ২৬ মিনিট ১৬ ছেকেণ্ডত ৪৭ নম্বৰ লাভ কৰে, ষষ্ঠত গুজৰাট প্ৰান্তৰ চৌধাৰী কাৱনে ২৬ মিনিট ২৬ ছেকেণ্ডত ৪৭ নম্বৰ লাভ কৰে, সপ্তম পশ্চিম মহাৰাষ্ট্ৰৰ নেহা চাৱনে ২৬ মিনিট ৩৫ ছেকেণ্ডত ৪৭ নম্বৰ লাভ কৰে, অষ্টম হাৰিয়ানা প্ৰান্তৰ মাহাক যাদৱে ২৬ মিনিট ৫২ ছেকেণ্ডত ৪৭ নম্বৰ লাভ কৰে, নৱম পশ্চিম মহাৰাষ্ট্ৰৰ ভৰত কুম্ভৰে ২৯ মিনিট ৪৯ ছেকেণ্ডত ৪৭ নম্বৰ লাভ কৰে, দশম মালৱা প্ৰান্তৰ প্ৰাচী যাদৱে ২৯ মিনিট ৫৪ ছেকেণ্ডত ৪৭ নম্বৰ লাভ কৰে, একাদশ পশ্চিম মহাৰাষ্ট্ৰৰ নিৰঞ্জন কৌৰে ৩০ মিনিটত ৪৭ নম্বৰ লাভ কৰে, দ্বাদশ পশ্চিম উৰিষ্যা প্ৰান্তৰ অৰ্জ্জুন পণ্ডিতে ২১ মিনিট ২ ছেকেণ্ডত ৪৬ নম্বৰ লাভ কৰে, ত্ৰয়োদশ পশ্চিম মহাৰাষ্ট্ৰৰ পাটিল স্বৰূপনন্দন অৰূণে ২১ মিনিট ১৫ ছেকেণ্ডত ৪৬ নম্বৰ লাভ কৰে, চতুৰ্দশ উত্তৰাখণ্ড প্ৰান্তৰ অনুৰাগ যাদৱে ২২ মিনিট ৪০ ছেকেণ্ডত ৪৬ নম্বৰ লাভ কৰে, পঞ্চদশ জয়পুৰ প্ৰান্তৰ ভবেশে ২৪ মিনিট ২২ ছেকেণ্ডত ৪৬ নম্বৰ লাভ কৰে, ষষ্ঠদশ দক্ষিণ কৰ্ণাটকৰ মান্য সিঙে ২৫ মিনিট ৫৯ ছেকেণ্ডত ৪৬ নম্বৰ লাভ কৰে, সপ্তদশ স্থান অন্ধ্ৰপ্ৰদেশৰ বাৰলা হেমন্তথ কুমাৰে ২৬ মিনিট ২০ ছেকেণ্ডত ৪৬ নম্বৰ লাভ কৰে।

এই পৰীক্ষাত প্ৰথম স্থান লাভ কৰা জনক ১ লাখ টকাৰে পুৰস্কৃত কৰাৰ লগতে দ্বিতীয় স্থান লাভ কৰা দুজনক ৫০ হাজাৰকৈ টকা, ৩য় স্থান লাভ কৰা তিনিজনক ২৫ হাজাৰকৈ টকা আৰু চতুৰ্থ স্থান লাভ কৰা ১১ জন ছাত্ৰ ছাত্ৰীক ১১ হাজাৰকৈ টকাৰে পুৰস্কৃত কৰাৰ লগতে মানপত্ৰ প্ৰদান কৰা হব। ইয়াৰ লগতে অনলাইন ক্ৰীড়া জ্ঞান পৰীক্ষাৰ দ্বিতীয় ভাগত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক অনলাইনযোগে ইতিমধ্যে মানপত্ৰ প্ৰদান কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *