কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তদন্তৰ পদকৰ বাবে নিৰ্বাচিত অসমৰ APS বিষয়া সুৰজিৎ ​​সিং পানেছাৰ

অসমৰ এ পি এছ বিষয়া সুৰজিৎ ​​সিং পানেছাৰ, এ পি এছ ২০২৩ বৰ্ষৰ বাবে ”কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তদন্তত উৎকৃষ্টতাৰ পদক”ৰ বাবে নিৰ্বাচিত হোৱা বুলি ৰাজ্যৰ ডি জি পি জি পি সিঙে প্ৰকাশ কৰে।

দুগৰাকী নাবালক ছোৱালীক ধৰ্ষণ আৰু হত্যাৰ সৈতে জড়িত এটা গোচৰ সমাধান কৰাৰ সময়ত পানেছাৰ আছিল কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক।

ডিজিপিৰ টুইট অনুসৰি, ২০২১ চনৰ ১২ জুনত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অভয়াকুটি গাঁৱত সংঘটিত এক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ক্ষিপ্ৰ তদন্ত চলাই দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল এছপি পানেচাৰে।

২০২২ চনৰ ৪ এপ্ৰিলত আদালতে গোচৰৰ ৰায়দান কৰি ধৰ্ষণ আৰু নৃশংস হত্যাৰ অভিযোগত অভিযুক্ত তিনিজন ক্ৰমে মোজামেল এছ কে, মোজা ফৰিজুল ৰহমান আৰু মোঃ নাচিবুল আলী এছ কেক মৃত্যুদণ্ড প্ৰদান কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *