গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপ চৌহদত কেন্দ্র , যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়, ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ যৌথ উদ্যোগত ১৫ জুনৰ পৰা আৰম্ভ হৈছে কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ । এই উপলক্ষে কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰ নাথ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত কামৰূপ জিলাৰ কৃষি বিভাগৰ সহকাৰী সঞ্চালক বিমলা প্রসাদ দেউৰী, উদ্যান শস্য গৱেষণা কেন্দ্রৰ প্রধান বিজ্ঞানী তথা চি. বি. বি. অ’ৰ ভাৰপ্ৰাপ্ত বিষয়া প্রমোদ চন্দ্র ডেকা, ইফকোৰ (IFFCO) উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱন্ধক অজিত ভট্টাচাৰ্যৰ উপৰি কৃষি বিজ্ঞান কেন্দ্রৰ সমূহ বিশেষজ্ঞ , বিজ্ঞানী উপস্থিত আছিল। আনহাতে অনুষ্ঠানটোৰ আঁত ধৰে কৃষি বিজ্ঞান কেন্দ্রৰ বিশেষজ্ঞ ৰিজু হেলিম আৰু মধুস্মিতা কটকীয়ে । প্ৰশিক্ষণ শিবিৰত বিভিন্ন প্ৰান্তৰ ২৫ জন উদ্যমী ব্যক্তিয়ে ভাগ লয় । উল্লেখযোগ্য যে অহা ২৯.জুনত ১৫ দিনীয়া শিবিৰৰ সামৰণি পৰিব ।
কৃষি বিজ্ঞান কেন্দ্রত কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া প্রশিক্ষণ শুভাৰম্ভ:
