কাৰ্টুনিষ্ট প্ৰদীপ নাথ ক প্ৰদান কৰা হব ফটো সাংবাদিক তৰনী কান্ত বৰ্মন বঁটা -২০২২

ৰাজ্যিক মৰ্য্যদা লাভ কৰা অসমৰ প্ৰথম গৰাকী ফটো সাংবাদিক তৰনী কান্ত বৰ্মন। সনামধন্য ফটো সাংবাদিক গৰাকীৰ ১৭ জানুৱাৰীৰ জম্ম বাৰ্ষিকীত দিশপুৰৰ লোক নিৰ্মান প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ফটো জাৰ্ণেলিষ্ট তৰনী কান্ত বৰ্মন মেমৰিয়েল ট্ৰাষ্টে শিল্পী গৰিকীৰ নামত বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে। এইবাৰৰ “তৰনী কান্ত বৰ্মন বঁটা -২০২২” সম্মানৰ বাবে নিৰ্বাচিত হৈছে দ্যা আছাম ট্ৰিবিউন কাকতৰ বিশিষ্ট চিত্ৰশিল্পী- কাৰ্টুনিষ্ট প্ৰদীপ নাথ। ৰাজ্যৰ সকলো শ্ৰেনীৰ জনসাধাৰনৰ মাজত বিশেষ ভাৱে জনপ্ৰিয় ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ ২০২০ চনৰ ২২ ফেব্ৰুৱাৰীত পৰোলোক প্ৰাপ্তি ঘটে। দৈনিক অসম, আমাৰ অসম, দৈনিক অগ্ৰদূতত ফটো সাংবাদিকতা কৰা তৰনী কান্ত বৰ্মনে ফৰেনচিক বিজ্ঞানাগাৰৰ পৰা ফটোগ্ৰাফীত সহকাৰী বৈজ্ঞানিক হিচাপে অৱসৰ লৈছিল। ৬০ দশকৰ পৰা ফটোগ্ৰাফী কৰা বৰ্মনে নিজৰ জীৱনত ১৯৭১ চনৰ বাংলাদেশ স্বাধীনতা সংগ্ৰাম, ১৯৭৬ চনৰ গুৱাহাটীৰ কংগ্ৰেছ মহাসভা, ১৯৮২ চনৰ নতুন দিল্লী এছিয়ান গেমছ, ১৯৭৯-৮৫ চনৰ অসম আন্দোলন, ২০০৭ চনৰ গুৱাহাটীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া, ২০১৬ চনৰ ছাফ গেমছৰ লগতে ১৯৬৪ চনৰ পৰা ২০১৯ চনলৈ একেৰাহে ৫৬ বছৰ বৰদলৈ ট্ৰফীৰ ফটো সংগ্ৰহ কৰিছিল। প্ৰয়াত বৰ্মনে সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা, সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ লগতে বিমলা প্ৰসাদ চলিহাৰ পৰা সৰ্বানন্দ সোনোৱাললৈ বহু কেই গৰাকী মুখ্যমন্ত্ৰীৰ সৈতে একেলগে কাম কৰিছিল। সেই গৰাকী বিশিষ্ট ফটো সাংবাদিকক ১৭ জানুৱাৰীৰ দিনাই তেওঁৰ নামত থকা ন্যাসে এটা উপাধি প্ৰদান কৰিব। উপাধিটো নিৰ্বাচন কৰি ১৭ জানুৱাৰীৰ দিনা ঘোষনা কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক কনকসেন ডেকাই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *