কামৰূপ মহানগৰ জিলাত ৰাষ্ট্ৰীয় পোষন মাহৰ ৰথৰ ফ্লেগ অফ্ কাৰ্যসূচী

সবল নাৰী,স্বাক্ষৰ শিশু আৰু এখন সুস্থ দেশ নিৰ্মাণৰ উদ্দেশ্যে আৰম্ভ কৰা ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ আৰু মাত্ৰু বন্দনা সপ্তাহ (১ৰ পৰা ৭ ছেপ্তেম্বৰলৈ)ৰ  লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে কামৰূপ মহানগৰ জিলাতো এমাহ জোৰা কাৰ্যসূচী গ্রহণ কৰা হৈছে।

জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ জৰিয়তে লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে আজি  উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাৰ উপৰি অন্যান্য বিষয়াসকলৰ উপস্থিতিত পোষণ অভিযানৰ পুষ্টিৰথ, মাতৃৰথ আৰু শক্তিৰথ যাত্ৰাৰ ফ্লেগ অফ্ কৰে। অপুষ্টিৰ পৰা সমগ্র দেশক মুক্ত কৰি শিশু, কিশোৰ আৰু মহিলাসকলক সুস্থ আৰু সবল কৰাই এই কাৰ্যসূচীৰ প্ৰধান লক্ষ্য।

এই বিশেষভাৱে তৈয়াৰ কৰা বাহন/ৰথ সমূহে কামৰূপ মহানগৰ জিলাৰ বিভিন্ন ঠাইত মাতৃ, শিশু তথা নাৰীৰ সুস্বাস্থ্যৰ বাবে সজাগতা সৃষ্টি কৰিব। ইয়াৰ উপৰি এই কাৰ্যসূচীৰ অন্তৰ্গত জিলাখনৰ বিভিন্ন ঠাইত শিশু উন্নয়ন প্ৰকল্পসমূহৰ উদ্যোগত অংগণবাড়ী কৰ্মীসকলৰ দ্বাৰা ঠায়ে ঠায়ে বাটৰ নাট প্ৰদৰ্শন কাৰ্যসুচী গ্ৰহণ কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *