কাজিৰঙাত লক্ষাধিক টকাৰ কাঠ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাবে লক্ষাধিক টকাৰ কাঠ কঢ়িয়াই নি থকা অৱস্থাত এখন ট্রাক শুকুৰবাৰে জব্দ কৰিবলৈ সক্ষম হয়।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিবিত দিহিঙ্গীয়াই জানিবলৈ দিয়া মতে কাজিৰঙাৰ এটা বনকৰ্মীৰ দলে টহল দি থকা অৱস্থাত গোলাঘাট আৰু নগাঁও জিলাৰ সীমান্ত বাগৰিত এ এচ ০২ ২ ৩৯২৭ নম্বৰৰ এখন টাকত নগাওঁ দিশে অবৈধভাৱে কাঠ (ফান্টা) কঢ়িয়াই নি থকাৰ সময়তে বনকর্মীয়ে অভিযান চলাওঁতে ট্ৰাকখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থৈ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে।

পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে ট্রাকখনৰ সৈতে কাঠখিনি জব্দ কৰে। বিভাগীয় সূত্রে জানিব পৰা মতে ট্ৰাকখনত মূল্যবান ১৮ টুকুৰা কাঠ (ফান্টা) আছিল। জব্দ কৰা কাঠখিনিৰ মূল্য লক্ষাধিক টকা বুলি জানিবলৈ দিছে। এই কাঠখিনি কাজিৰঙাৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ দিশৰ পৰা অনা হৈছিল বুলি বন বিষয়াই সন্দেহ কৰিছে।

ইয়াৰ পূৰ্বেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলিক বিষয়াৰ নেতৃত্বত এনে ধৰণৰ অবৈধভাৱে কঢ়িয়াই অনা বহু লক্ষাধিক টকাৰ কাঠসহ কেইবাখনো ট্রাক জব্দ কৰিছিল। এটা গুৰুত্বপূৰ্ণ কথা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ উপৰি চৰকাৰী ভাৱে ৰোপণ কৰি নিৰ্মাণ কৰা বাগিছাৰ পৰা চেগুণ, গমাৰী আদি মূল্যবান গছ ফালি কাৰ্বি আংলং বন বিভাগৰ দুৰ্বলতাৰ সুবিধা লৈ প্ৰকৃতি ধ্বংসকাৰী লোকে অবাধ গতিত কেঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *