কাছাৰ আৰক্ষীয়ে সোমবাৰে দিগৰখালত ৭খন ট্ৰাকৰ পৰা প্ৰায় ৪ কোটি টকাৰ ১৮০০ বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰে।
আনহাতে নিষিদ্ধ সামগ্ৰীৰ অবৈধ পৰিবহণৰ লগত জড়িত ৯ জন লোকক আটক কৰিছে আৰক্ষীয়ে। ধৃত লোককেইজন হৈছে ট্ৰাকসমূহৰ চালক আৰু হেণ্ডিমেন।
বৰ্তমান তেওঁলোকক সোধা-পোছাৰ বাবে জিম্মাত লোৱা হৈছে।
মিজোৰাম অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে ট্ৰাক কেইখন। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে এই নিষিদ্ধ সামগ্ৰীসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিতৰণৰ বাবে আছিল।