কাইলৈ ঘোষণা কৰা হ’ব ৰাজ্যৰ তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফল…

কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাই থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি টুইটযোগে ঘোষণা কৰে যে কাইলৈ ঘোষণা কৰা হ’ব তৃতীয়বৰ্গৰ চাকৰিৰ ফলাফল।

এই ফলাফল পুৱা ১১ বজাত ঘোষণা কৰা হ’ব বুলি টুইটত লগতে প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

এই ফলাফল ১১,৫১০টা পদৰ বাবে ঘোষণা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে টুইটত উল্লেখ কৰে ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তিৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশে অগ্ৰসৰ হৈছে।

প্ৰতিশ্ৰুতি অনুসৰি মে’ মাহতে তেওঁ এই লক্ষ্য পূৰণৰ কথা কৈছিল।

উল্লেখ্য, ৰাজ্যত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে আৰক্ষী, বনৰক্ষী, শিক্ষানুষ্ঠান আদিত ৫১,৩৯৭টা পদত নিযুক্তি প্ৰদানৰ বাবে সাজু হোৱা চৰকাৰে শীঘ্ৰে তালিকা প্ৰকাশ কৰিব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *