পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ কাঁহিকুছি গাঁও পঞ্চায়তত পঞ্চদশ বিত্তীয় আয়োগৰ দ্বিতীয় কিস্তিৰ ধনেৰে নিৰ্মাণ কৰা তিনিটা উপপথৰ ২২ ছেপ্টেম্বৰত শুভাৰম্ভ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , সদস্য ৰজিদা বেগম , কাঁহিকুছি গাওঁ পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, অভিযন্তা মণিকা ৰাজকোঁৱৰ , এ এ ই ইউৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সম্পাদক পবিত্ৰ দাস , অগপৰ কাঁহিকুছি আঞ্চলিক পৰিষদৰ সভাপতি প্রভাত চন্দ্ৰ দলৈ , সম্পাদক গৌতম কাকতি, উপ সভাপতি বাবুলি দাস, ৰাণী উত্তৰ ভোলাগাঁওৰ কাউন্সিলৰ জোনালী দাস, সমাজকর্মী ভবেন নাথ , নিৰ্মাণ কমিটীৰ সভাপতি সকলৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে ।
কাঁহিকুছি গাঁও পঞ্চায়তত তিনিটা উপ পথৰ শুভাৰম্ভ
