দেশৰ বৃহৎ সাহিত্য অনুষ্ঠান কলিংগ সাহিত্য উৎসৱে দেওবাৰে বিয়লি ৪ বজাত পোনপ্ৰথমবাৰৰ বাবে অসমত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক “মামণি ৰয়চম গোস্বামীৰ সাহিত্য আৰু জীৱন” সন্দৰ্ভত এক অনুষ্ঠান আয়োজন কৰিছিল। দেওবাৰে বিয়লি ৪ বজাত ৭৫ মিনিটৰ কলিংগ সাহিত্য উৎসৱৰ “ভৱ সংবাদ” শীৰ্ষক অনুষ্ঠানত “মামনি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৰ্মৰাজি”ৰ ওপৰত বিশদ আলোকপাত কৰা হয়। কলিংগ সাহিত্য উৎসৱৰ এই “ভৱ সংবাদ” শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকে ছয়গৰাকী বিশিষ্ট সাহিত্যিক। বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকী, বিশিষ্ট লেখক – সমালোচক অধ্যাপক ডঃ মৃদুল শৰ্মা , বিশিষ্ট লেখিকা ডঃ ৰত্নোত্বমা দাস বিক্ৰম, অধ্যাপিকা অংকুমানি দাস আৰু লেখক জিতুল বৰা। উল্লেখযোগ্য যে, যুৱ লেখক জিতুল বৰাই আঁতধৰা অনুষ্ঠানটিত “মামনি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৰ্মৰাজি”ৰ ওপৰত আলোকপাত কৰা হয়। কলিংগ সাহিত্য উৎসৱৰ ৱেৱচাইট, ফেচবুক পেজ, ইউটিউব আৰু কো’ যোগে “ভৱ সংবাদ” শীৰ্ষক অনুষ্ঠানটি পোনপটীয়া সম্প্ৰচাৰ কৰা হৈছিল। যুৱ লেখক জিতুল বৰাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট লেখক তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ প্ৰানজিৎ বৰাই মামনি ৰয়ছম গোস্বামীক উপন্যাসিক হিচাপে আলোচনা আগবঢ়ইছিল । ডঃ প্ৰানজিৎ বৰাই মামনি ৰয়চম গোস্বামীৰ বহুকেইখন উপন্যাসৰ এক তুলনামূলকভাৱে আলোচনা আগবঢ়ায়। আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক তথা সমালোচক অৰিন্দম বৰকটকীদেৱে মামনি ৰয়ছম গোস্বামীৰক গল্পকাৰ হিচাপে আলোকপাত কৰে। আলোচনাত অৰিন্দম বৰকটকী দেৱে মামণি ৰয়ছম গোস্বামীৰ গল্পৰ বিভিন্ন দিশৰ আলোচনা আগবঢ়াই ।দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা বিশিষ্ট লেখিকা ডঃ ৰত্নোত্বমা দাস বিক্ৰমে মামনি ৰয়ছম গোস্বামীৰ সাহিত্যত লিখন শৈলীৰ ওপৰত আলোকপাত। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় অধ্যাপক তথা লেখক-সমালোচক ডঃ মৃদুল শৰ্মাই মামনি ৰয়ছম গোস্বামীৰ উপন্যাস, গল্প আৰু কবিতাত নিম্ন বৰ্গৰ অথাৎ সাধাৰন জনতাৰ জীৱন গাঠা সন্দৰ্ভত। বিশিষ্ট লেখিকা তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ অংকুমানি দাসে মামনি ৰয়চম গোস্বামীৰ ৰচনাত নাৰীৰ চিত্ৰণ আৰু এগৰাকী নাৰীৰ সমাজৰ প্ৰতিমূহুত্বতে পাৰ কৰিব লগা প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা আগবঢ়ায়। মামনি ৰয়ছম গোস্বামীৰ গৱেষণাৰ বিষয় ৰামায়নী সাহিত্য, তেখেতৰ জীৱনৰ ঘাট-প্ৰতিঘাট, অসমৰ শান্তি ৰক্ষাৰ হেতু হাতত লোৱা পদক্ষেপ, মামনি ৰয়ছম গোস্বামীৰ সাহিত্যিক অৱদান ইত্যাদি বিষয়ত উক্ত আলোচনা হয়। কলিংগ সাহিত্য উৎসৱৰ এনে পদক্ষেপক অসমৰ বিভিন্ন মহলে আদৰনি জনাইছে। কলিংগ সাহিত্য উৎসৱৰ কৰ্তৃপক্ষই জনাইছে যে, অহা নৱেম্বৰ মাহত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিত এক অনুষ্ঠান আয়োজন কৰা হ’ব। আয়োজক মণ্ডলীয়ে আশা কৰিছে যে, দেশৰ ২২ টা আঞ্চলিক ভাষাৰ লগতে অসমীয়া ভাষাৰ সাহিত্য অনুষ্ঠানে এক নতুন মাত্ৰা প্ৰদান কৰিব। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে কলিংগ সাহিত্য উৎসৱে অসমত তিনিটাকৈ অনুষ্ঠান কৰিছিল। অসমৰ পৰ্যটন উদ্যোগ, অসমীয়া শিশু সাহিত্য আৰু জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ সোঁৱৰণত কবিতা বিষয়ক এক অনুষ্ঠানত আয়োজন কৰিছিল।
কলিংগ সাহিত্য উৎসৱত জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামী জীৱন আৰু সাহিত্য বিষয়ক আলোচনা সম্পন্ন
