সামৰণি পৰিল ইটালীৰ সহ-অধ্যক্ষতাত ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত ১২ আগষ্টত দুৰ্নীতি বিৰোধী মন্ত্ৰীসভাৰ বৈঠকৰ। উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ভাষণ প্ৰদান কৰাৰ বিপৰীতে সচিব এছ ৰাধা চৌহানে আদৰণি ভাষণ প্ৰদান কৰে।দুৰ্নীতি বিৰোধী মন্ত্ৰীসভাৰ বৈঠকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ বাৰ্তা প্ৰদান কৰে। এই ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে “ভাৰতে শেহতীয়া প্ৰযুক্তি আৰু ই-শাসনৰ সহায় লৈ এক স্বচ্ছ আৰু দায়বদ্ধ পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে। বিভিন্ন কল্যাণমূলক আঁচনি আৰু চৰকাৰী প্ৰকল্পৰ সুৰুঙা আৰু ত্ৰুটিবোৰ আঁতৰ কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা লৈছে চৰকাৰে।”
ভাৰতৰ অধ্যক্ষতাই জি-২০ দেশসমূহৰ মাজত ‘দুৰ্নীতি প্ৰতিৰোধ আৰু প্ৰতিহত কৰাৰ বাবে দায়বদ্ধ ৰাজহুৱা সংস্থা আৰু কৰ্তৃপক্ষৰ অখণ্ডতা আৰু কাৰ্যকৰীকৰণক প্ৰসাৰিত কৰাৰ উচ্চ পৰ্যায়ৰ নীতি’ সফলভাৱে আলোচনা কৰে। এই পৰিকাঠামোৱে দুৰ্নীতি বিৰোধী প্ৰতিষ্ঠানসমূহৰ স্বতন্ত্ৰতা, স্বচ্ছতা আৰু দায়বদ্ধতা শক্তিশালী কৰিব, লগতে দুৰ্নীতিৰ মূল কাৰণসমূহ যেনে প্ৰতিষ্ঠানগত দুৰ্বলতা আৰু দায়বদ্ধতাৰ অভাৱৰ মোকাবিলা কৰিব। জি-২০ দুৰ্নীতি বিৰোধী কাৰ্যকৰী গোট(এচিডব্লিউজি)ৰ তৃতীয় আৰু অন্তিম বৈঠক ৯-১১ আগষ্টলৈ কলকাতাত অনুষ্ঠিত হৈছিল, য’ত বিভিন্ন খণ্ডৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
ভাৰতে আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী এজেণ্ডাক সফলতাৰে প্ৰচাৰ কৰাৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে জি-২০ সদস্যসকলৰ মাজত এক সহমত গঢ়ি তোলে।